ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীয়ে সোমবাৰে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰৰ কথা ঘোষণা কৰে । ইয়াৰ লগে লগে ক্ৰিকেটৰ দীঘলীয়া ফৰ্মেটত কোহলীৰ ভৱিষ্যতক লৈ বছৰ বছৰ ধৰি চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলায় তেওঁ । এতিয়া তেওঁ কেৱল এদিনীয়া ক্ৰিকেটহে খেলিব । তেওঁৰ অৱসৰৰ লগে লগে ভাৰতীয় প্ৰবীণ খেলুৱৈৰ টেষ্ট ফৰ্মেটৰ পৰা বাহিৰ হোৱাটো অব্যাহত আছে । ৰবিচন্দ্ৰন অশ্বিন (ডিচেম্বৰ মাহত) আৰু ৰোহিত শৰ্মা (যোৱা সপ্তাহ)ও এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ।
৩৬ বছৰীয়া বিৰাট কোহলীক অন্তিমবাৰৰ বাবে অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়ত বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত টেষ্ট ক্ৰিকেট খেলা দেখা গৈছিল । য’ত ভাৰতে ৫ খনীয়া মেচৰ শৃংখলাত ১-৩ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । ছিৰিজৰ প্ৰথমখন মেচ অৰ্থাৎ পাৰ্থ টেষ্টত কোহলীয়ে শতক অৰ্জন কৰিছিল ঠিকেই, কিন্তু তাৰ পিছত তেওঁক ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰা দেখা গৈছিল ।
অহা মাহত ইংলেণ্ডত অনুষ্ঠিত হ’বলগীয়া ৫ খনীয়া টেষ্ট মেচৰ শৃংখলাৰ বাবে কেইদিনমানৰ পিছতে ভাৰতীয় দল ঘোষণাৰ সময়তে কোহলীয়ে অৱসৰ লোৱাৰ সিদ্ধান্তৰ বিষয়ে ৰাজহৱা কৰিছে । উল্লেখ্য যে কোহলীয়ে যোৱা বছৰ টি-২০ ইণ্টাৰনেশ্যনেলৰ পৰা অৱসৰ লৈছিল ।
২০১১ চনৰ জুন মাহত কিংষ্টনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে বিৰাট কোহলীৰ টেষ্টত অভিষেক ঘটিছিল । ইয়াৰ পিছতে কোহলীয়ে প্ৰথম ইনিংছত ৪ ৰান আৰু দ্বিতীয় ইনিংছত ১৫ ৰান সংগ্ৰহ কৰে । ২০২৫ চনৰ জানুৱাৰী মাহত ছিডনীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁৰ শেষ টেষ্ট আছিল । এই শেষ টেষ্টত কোহলীয়ে প্ৰথম ইনিংছত ১৭ ৰান আৰু দ্বিতীয় ইনিংছত ৬ ৰান সংগ্ৰহ কৰিছিল ।
কিং কোহলীয়ে ১২৩খন টেষ্ট মেচ খেলিছে । এই সময়ছোৱাত তেওঁ ৪৬.৮৫ গড়ে ৯২৩০ ৰান সংগ্ৰহ কৰে । টেষ্টত কোহলীয়ে ৩০টা শতক আৰু ৩১টা অৰ্ধশতক অৰ্জন কৰিছে ।
বিৰাট কোহলীয়ে নিজৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে অৱসৰৰ কথা ঘোষণা কৰে । তেওঁ কয়, ‘টেষ্ট ক্ৰিকেটত প্ৰথমবাৰৰ বাবে জাৰ্চি পিন্ধা আজি ১৪ বছৰ হ’ল । সঁচা কথা ক’বলৈ গ’লে এই ফৰ্মেটটোৱে মোক কি যাত্ৰাত লৈ যাব সেয়া মই কেতিয়াও কল্পনা কৰা নাছিলো । ই মোক পৰীক্ষা কৰিছিল, গঢ় দিছিল আৰু গোটেই জীৱন লগত লৈ ফুৰিব পৰা পাঠ শিকাইছিল । বগা পিন্ধি খেলাটো অতি ব্যক্তিগত অভিজ্ঞতা । নিস্তব্ধ কঠোৰ পৰিশ্ৰম, দীঘলীয়া দিন, সৰু সৰু মুহূৰ্তবোৰ যিবোৰ আপোনাৰ লগত চিৰদিনৰ বাবে থাকে, সেইবোৰৰ বাহিৰে আন কোনেও দেখা নাপায় ।’
কোহলীয়ে আৰু কয়, ‘যেতিয়া মই এই ফৰ্মেটৰ পৰা আঁতৰি আহিছো, তেতিয়া ই সহজ নহয়- কিন্তু সেয়া সঠিক অনুভৱ হয় । মই ইয়াক মোৰ সকলোখিনি দিছো আৰু ই মোক আশা কৰাতকৈও অধিক দিছে । খেলখনৰ বাবে, খেলপথাৰত থকা মানুহখিনিৰ বাবে আৰু এই যাত্ৰাত মোক সহায় কৰা সকলোৰে বাবে কৃতজ্ঞতাৰে ভৰা হৃদয় লৈ ওলাই যাওঁ । মই সদায় হাঁহি হাঁহি মোৰ টেষ্ট কেৰিয়াৰলৈ উভতি চাম ।’
কোহলীয়ে ৭টা দ্বি-শতক অৰ্জন কৰিছে-
সোঁহতীয়া বেটছমেনগৰাকীয়ে ৭টা ডাবল চেঞ্চুৰীৰে ফৰ্মেটত নিজকে কিংবদন্তি হিচাপে প্ৰতিষ্ঠা কৰিছে, যিটো ভাৰতীয় যিকোনো খেলুৱৈৰ সৰ্বাধিক । তেওঁ মহান খেলুৱৈ সুনীল গাভাস্কৰ (৪), শচীন টেণ্ডুলকাৰ (৬), বীৰেন্দ্ৰ ছেহৱাগ (৬) আৰু ৰাহুল দ্ৰাবিড় (৫)তকৈ বহু আগবাঢ়ি আছে ।
যি সময়ত টি-২০ লীগ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আটাইতকৈ জনপ্ৰিয় প্ৰতিযোগিতাত পৰিণত হৈছে, সেই সময়ত কোহলীৰ যাদুৱে অনুৰাগীক টেষ্ট ক্ৰিকেটৰ প্ৰতি আকৃষ্ট কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । এই কথা ছাৰ ভিভ ৰিচাৰ্ডছেও স্বীকাৰ কৰিছিল যাৰ লগত তেওঁক প্ৰায়ে তুলনা কৰা হৈছিল ।
অধিনায়কত্বৰ অভিলেখ-
টেষ্ট ইতিহাসত ভাৰতৰ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে বিৰাট । বিৰাটে ভাৰতৰ ৬৮খন টেষ্ট মেচত অধিনায়কত্ব কৰিছিল, য’ত দলটোৱে ৪০খনত জয়লাভ কৰিছিল । কোহলীয়ে অধিনায়কৰ দায়িত্ব লোৱাৰ সময়ত ভাৰতীয় দলটো সপ্তম স্থানত আছিল । কিন্তু নিজৰ লগতে সতীৰ্থ খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে বিশ্বৰ ১ নম্বৰ স্থানত উপনীত হয় ।
বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ-
-১২৩ খন টেষ্ট, ২১০ ইনিংছ, ৯২৩০ ৰান, ৪৬.৮৫ গড়, ৩০ শতক, ৩১ টা অৰ্ধশতক
-৩০২খন এদিনীয়া, ২৯০ ইনিংছ, ১৪১৮১ ৰান, ৫৭.৮৮ গড়, ৫১ শতক, ৭৪টা অৰ্ধশতক, ৫১
-১২৫ টি-২০, ১১৭ টা ইনিংছ, ৪১৮৮ ৰান, ৪৮.৬৯ গড়, ১ শতক, ৩৮টা অৰ্ধশতক