কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ বিতৰ্কিত বক্তব্য দিয়া সাংসদ মন্ত্ৰী বিজয় শ্বাহক উচ্চতম ন্যায়ালয়ে ধমক দিছে।আদালতে তেওঁৰ ক্ষমাপ্ৰাৰ্থনাও মানি ল’বলৈ অস্বীকাৰ কৰিছে।
বিজয় শ্বাহৰ অধিবক্তাই যেতিয়া পুনৰ ক’লে যে তেওঁ ক্ষমা খুজি এটা ভিডিঅ’ মুকলি কৰিছে, তেতিয়া ন্যায়াধীশে কয় যে তেওঁ ভিডিঅ’টো চাব বিচাৰিব।
সোমবাৰে শুনানিৰ সময়ত বিজয় শ্বাহৰ অধিবক্তাই আদালতত কয় যে, ১৫ মে’ৰ সিদ্ধান্তৰ বিৰুদ্ধে আমি দ্বিতীয়টো এছ এল পি দাখিল কৰিছো আৰু আবেদনকাৰীয়ে ক্ষমাও বিচাৰিছে।বিতৰ্কিত বক্তব্যৰ বাবে বিজয় শ্বাহে ক্ষমা বিচাৰি এটা ভিডিঅ’ প্ৰকাশ কৰিছিল।
ন্যায়াধীশ সূৰ্য্যকান্তই কয়, ‘আমি আপোনাৰ ভিডিঅ’টো বিচাৰিছো…আপুনি কেনেধৰণে ক্ষমা বিচাৰিছে আমি চাব বিচাৰো…ক্ষমা প্ৰাৰ্থনাৰ বহু অৰ্থ থাকে…কেতিয়াবা, কেৱল তদন্তৰ পৰা হাত সাৰিবলৈও কোনেৱে ঘৰিয়ালৰ চকুপানী টুকা দেখিবলৈ পোৱা যায়…আমি চাম আপোনাৰ কেনেধৰণে ক্ষমা বিচাৰিছে?’
ন্যায়াধীশ সূৰ্য্যকান্তই আৰু কয় যে, ‘আপুনি এজন ৰাজহুৱা ব্যক্তি, এজন ৰাজনীতিবিদ। কথা কওঁতে আপুনি শব্দবোৰ চিন্তা কৰিব লাগে। আপোনাৰ ভিডিঅ’ টো আমাক দেখোৱাব লাগে। সংবাদ মাধ্যমে ভিডিঅ’টোৰ গভীৰতালৈ যোৱা নাই…আপুনি মঞ্চত থাকি অভ্যব্য ভাষা ব্যৱহাৰ কৰিছিলে।সেইটো বেয়া কথা’।