বিজয় দেৱৰকোণ্ডাই এটা অনুষ্ঠানৰ সময়ত জনজাতীয় সম্প্ৰদায়ৰ বিষয়ে কৰা মন্তব্যক স্পষ্ট কৰি এক বিবৃতি প্ৰকাশ কৰিছে।
হায়দৰাবাদৰ এক অনুষ্ঠানত পেহেলগাম আক্ৰমণক গৰিহণা দি তেওঁ কৰা মন্তব্যৰ পিছতে এই কথা প্ৰকাশ কৰিছে। অনুসূচিত জাতি আইনৰ অধীনত অভিনেতা গৰাকীৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰা হৈছে।
শেহতীয়াকৈ কৰা মন্তব্যক লৈ সমালোচনাৰ প্ৰতি সঁহাৰি জনাই বিজয় দেৱেৰাকোণ্ডাই ক্ষমাপ্ৰাৰ্থনা আৰু স্পষ্টীকৰণ পোষ্ট কৰিছে।
অনুষ্ঠানটোত বিজয় দেৱৰকোণ্ডাই কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা কৰুণ ঘটনাৰ কথা কওঁতে কয়, ‘কাশ্মীৰত যি ঘটি আছে তাৰ সমাধান হ’ল তেওঁলোকক (সন্ত্রাসবাদী) শিক্ষিত কৰা আৰু এইটো নিশ্চিত কৰিবলৈ কৰা হৈছে যে তেওঁলোক পাগল নহয়’।
‘তেওঁলোকে কি লাভ কৰিব? কাশ্মীৰ ভাৰতৰ আৰু কাশ্মীৰী আমাৰ।ভাৰতে পাকিস্তানক আক্ৰমণ কৰাৰ প্ৰয়োজনো নাই কাৰণ পাকিস্তানী নিজেই নিজৰ চৰকাৰৰ পৰা বিৰক্ত আৰু এনেকৈ চলি থাকিলে তেওঁলোককে নিদকে আক্ৰমণ কৰিব। তেওঁলোকে ৫০০ বছৰ আগৰ আদিবাসীৰ দৰে আচৰণ কৰি আছে, কোনো জ্ঞান নোহোৱাকৈ যুঁজি আছে’।
তেওঁৰ এই মন্তব্যৰ পিছৰে পৰা বিতৰ্কৰ সৃষ্টি কৰিছে।তাৰ পিছতে সামাজিক মাধ্যমত এতিয়া এটা পোষ্টৰ জৰিয়তে বিজয় দেৱৰকোণ্ডাই ক্ষমা বিচাৰিছে।
পোষ্টটোত অভিনেতা গৰাকীয়ে লিখিছে যে, ‘এইমাত্ৰ মোৰ দৃষ্টিগোচৰ হৈছে যে ৰেট্ৰ’ অডিঅ’ মুকলি অনুষ্ঠানৰ সময়ত মই কোৱা এটা মন্তব্যই জনসাধাৰণৰ একাংশ সদস্যৰ মাজত বিতৰ্ক আৰু উদ্বেগৰ সৃষ্টি কৰিছে’।
‘মই অতি স্পষ্টকৈ ক’ব বিচাৰো, মই কোনো সম্প্ৰদায়, বিশেষকৈ অনুসুচিত জনজাতি সকলক আঘাত বা বিচলিত কৰাৰ মোৰ একেবাৰেই উদ্দেশ্য নাছিল, যাক মই গভীৰভাৱে সন্মান কৰো আৰু আমাৰ দেশৰ অবিচ্ছেদ্য অংগ বুলি গণ্য কৰোঁ।’
বিজয় দেৱৰকোণ্ডাই লগতে কয় যে, মই ঐক্যৰ কথা কৈছিলো যে, ভাৰত কেনেকৈ এক, আমাৰ জনসাধাৰণ এক আৰু আমি কেনেকৈ একেলগে আগবাঢ়িব লাগে।মই ইচ্ছাকৃতভাৱে কোনো ভাৰতীয় গোটৰ বিৰুদ্ধে বৈষম্য নকৰো’।