আমেৰিকাৰ নতুন ভাবুকি
শুকুৰবাৰে আলাস্কাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত হ’বলগীয়া গুৰুত্বপূৰ্ণ বৈঠকখনৰ ওপৰত সমগ্ৰ বিশ্বই চকু ৰাখিছে।
কিন্তু আমেৰিকাই এই বৈঠকক ভাৰত আৰু শুল্ক যুদ্ধৰ সৈতে সংযোগ কৰিছে। আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেছাণ্টে ভাবুকি দিছে যে যদি ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ সৈতে ট্ৰাম্পৰ আলোচনা বিফল হয় তেন্তে তেওঁলোকে ভাৰতৰ ওপৰত অধিক শুল্ক আৰোপ কৰিব।
কোষাগাৰ সচিব স্কট বেছাণ্টে কয় যে আলাস্কাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ বৈঠকৰ ফলাফলৰ ওপৰত নিৰ্ভৰ কৰি ৱাশ্বিংটনে ভাৰতৰ ওপৰত গৌণ শুল্ক বৃদ্ধি কৰিব পাৰে।
বেছাণ্টে বুধবাৰে ব্লুমবাৰ্গৰ সৈতে আলোচনা কৰি কয় যে ‘আমি ইতিমধ্যে ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে ভাৰতৰ ওপৰত গৌণ শুল্ক আৰোপ কৰিছো।যদি পৰিস্থিতিৰ উন্নতি নহয় তেন্তে নিষেধাজ্ঞা বা গৌণ শুল্ক বৃদ্ধি হ’ব পাৰে।’
চলিত মাহৰ আৰম্ভণিতে ট্ৰাম্পে ৰাছিয়াৰ পৰা তেল আৰু অস্ত্ৰ ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্কৰ উপৰিও ২৫ শতাংশ জৰিমনাও আৰোপ কৰা হয়, যিটো ২৭ আগষ্টৰ পৰা কাৰ্যকৰী হ’ব পাৰে।এইদৰে ভাৰতে এতিয়া সেই দেশৰ তালিকাত যোগদান কৰিছে, যাৰ ওপৰত আমেৰিকাই সৰ্বাধিক শুল্ক আৰোপ কৰিছে।
লগতে পঢ়ক: ‘সাৱৰকাৰৰ ওপৰত দিয়া বক্তব্যৰ বাবেই মোৰ জীৱন বিপদত পৰিছে’; ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য