ড’নাল্ড ট্ৰাম্পক মোক্ষম আঘাত
আমেৰিকাৰ ৰাজনীতি আৰু অৰ্থনীতিত আলোড়নৰ সৃষ্টি কৰি শুকুৰবাৰে এখন আপীল আদালতে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ অধিকাংশ শুল্ক অবৈধ বুলি ঘোষণা কৰিছে।
আমেৰিকাৰ ফেডাৰেল চাৰ্কিটৰ আপিল আদালতে কয় যে ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা আছেই, কিন্তু তেওঁলোকৰ শুল্ক বা কৰ আৰোপ কৰাৰ অধিকাৰ নাই।
এই সিদ্ধান্তক ৰাষ্ট্ৰপতি গৰাকীৰ অৰ্থনৈতিক নীতিৰ ওপৰত এক ডাঙৰ আঘাত বুলি বিবেচিত হৈছে।আদালতে ১৪ অক্টোবৰলৈকে শুল্ক ৰখাৰ অনুমতিও প্ৰদান কৰে, যাৰ ফলত ট্ৰাম্প প্ৰশাসনে বিষয়টো উচ্চতম ন্যায়ালয়লৈ লৈ যোৱাৰ সুযোগ বিচাৰিছে।
আনহাতে, ৰাষ্ট্ৰপতি ট্ৰাম্পে আদালতৰ নিৰ্দেশ সম্পূৰ্ণৰূপে নাকচ কৰি কয় যে সকলো শুল্ক বলবৎ থাকিব।তেওঁ আদালতৰ এই সিদ্ধান্তক ভুল আৰু পক্ষপাত বুলি অভিহিত কৰে আৰু ক’লে যে যদি ইয়াক এনেকৈ থাকিবলৈ দিয়া হয়, তেন্তে এই সিদ্ধান্তই আমেৰিকাক ধ্বংস কৰিব।উচ্চতম ন্যায়ালয়ৰ সহায়ত আমি আমাৰ জাতিৰ স্বাৰ্থত শুল্ক ব্যৱহাৰ কৰিম।
ট্ৰাম্পে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত লিখিছে, “সকলো শুল্ক এতিয়াও ঠাইত আছে।আজি এখন অতি পক্ষপাতপূৰ্ণ আপীল আদালতে ভুলকৈ ৰায় দিয়ে যে আমাৰ শুল্ক আঁতৰাব লাগিব, কিন্তু তেওঁলোকে জানে যে শেষত আমেৰিকাই জয়ী হ’ব। যদিও এই শুল্ক কেতিয়াবা উঠাই লোৱা হয়, তেন্তে এইটো দেশৰ বাবে এক ডাঙৰ দুৰ্যোগ হ’ব।”
বিবৃতিটোত ট্ৰাম্পে বাণিজ্যিক ঘাটি আৰু বিদেশী দেশে আৰোপ কৰা অন্যায় শুল্কৰ বিষয়টোও উত্থাপন কৰে।তেওঁ লিখিছে, “আমেৰিকা এতিয়া বিশাল বাণিজ্যিক ঘাটি আৰু অন্যান্য দেশসমূহৰ, লাগিলে সি বন্ধুৱেই হওক বা শত্ৰুৰ দ্বাৰা জাপি দিয়া অন্যায় শুল্ক আৰু শুল্কবিহীন বাণিজ্যিক বাধা সহ্য কৰা নহ’ব, যিয়ে আমাৰ উৎপাদক, কৃষক আৰু সকলোকে দুৰ্বল কৰি তোলে।যদিহে থিয় হ’বলৈ দিয়া হয়, তেন্তে এই ৰায়দানে আক্ষৰিক অৰ্থত আমেৰিকাক ধ্বংস কৰি পেলাব।”
লগতে পঢ়ক: ‘ভাৰতৰ উন্নয়ন যাত্ৰাত জাপান সদায় এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে’; প্ৰধানমন্ত্ৰী মোদী