লিপ ফিলিং কৰি বিপদত উৰ্ফি জাভেদ
বিভিন্ন ষ্টাইলৰ বিবৃতিৰ পৰা আৰম্ভ কৰি ফেশ্বন চেন্সলৈকে উৰ্ফি জাভেদ সদায় শিৰোনামত থাকে। কেতিয়াবা তেওঁক ট্ৰ’ল কৰা হয়, কেতিয়াবা তেওঁক প্ৰশংসা কৰা হয়।
কিন্তু তেওঁ কেতিয়াও ট্ৰলিঙৰ কথা চিন্তা নকৰে।স্পষ্টবাদী শৈলীৰ বাবে পৰিচিত অভিনেত্ৰী উৰ্ফি জাভেদে দেওবাৰে নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰে।
য’ত উৰ্ফিয়ে ওঁঠ ফিলিং আঁতৰাই থকা দেখা গৈছিল। কেমেৰাৰ ঠিক সন্মুখতে মুখত নিজেই এটা বেজী লোৱা দেখা গৈছিল।
এই ভিডিঅ’টোত উৰ্ফী জাভেদে নিজৰ ওঁঠত ফিলিং আঁতৰাবলৈ বেজী দিয়া দেখা গৈছে।ভিডিঅ’টো পোষ্ট কৰাৰ সময়ত তেওঁ কেপচনত লিখিছে, ‘মই মোৰ ওঁঠ ফিলিং কৰি দিলোঁ, কিন্তু পিছত মই ওঁঠখন পুনৰ স্বাভাৱিক অৱস্থাত ৰাখিব লগা হ’ল কাৰণ ফলাফল সম্পূৰ্ণ বিপৰীত আছিল।’
দৰাচলতে বেজীটো লোৱাৰ পিছতে উৰ্ফিৰ ওঁঠ দুটা ফুলি উঠিছিল। উৰ্ফীয়ে ফিলিং কৰি তেওঁৰ লুকটো নষ্ট কৰি পেলাইছে।
তেওঁৰ মুখৰ সেই অৱস্থা দেখাৰ পিছত অনুৰাগীসকলে তেওঁক লৈ চিন্তা কৰাৰ লগতে তেওঁৰ আশু আৰোগ্য কামনা কৰিছে।
উৰ্ফিয়ে শ্বেয়াৰ কৰা ভিডিঅ’টোত তেওঁ ওঁঠ দুটি সম্পূৰ্ণ ৰঙা হৈ ফুলি যোৱা দেখিবলৈ পোৱা গৈছে। জনপ্ৰিয় কন্টেন্ট ক্ৰিয়েটৰ তথা ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী উৰ্ফি জাভেদৰ এলাৰ্জীৰ সমস্যাও আছে।যাৰ বাবেও তেওঁ চিকিৎসাধীন হৈ থকা বুলিও কয়।
ভিডিঅ’টো শ্বেয়াৰ কৰি তেওঁ লগতে কয় যে ফিলিং কৰাই ওঁঠ দুটাক স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাটো অতি কষ্টদায়ক আৰু ভাল চিকিৎসকৰ দ্বাৰা কৰাটোৱেই উত্তম।
লগতে পঢ়ক: ‘এইবোৰ বন্ধ কৰক…’; বাংলোৰ বাহিৰত থকা পাপাৰাজীক ধমকি অমিতাভ বচ্চনৰ