UPSC ৰ ফলাফল কেতিয়া কৰিব ঘোষণা ?
কেন্দ্ৰীয় লোকসেৱা আয়োগে অচিৰেই প্ৰকাশ কৰিব অসামৰিক সেৱা পৰীক্ষা (UPSC) ৰ প্ৰাৰম্ভিক ২০২৫ৰ ফলাফল।এইবাৰ ২৫ মে’ত অনুষ্ঠিত হৈছিল অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা।
চি এছ ই পৰীক্ষা দুটা শ্বিফটত অনুষ্ঠিত হৈছিল, ট্ৰেণ্ড অনুসৰি পৰীক্ষাৰ ১৫ দিনৰ পিছত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। ফলফল ঘোষণা কৰাৰ পিছত প্ৰাৰ্থীসকলে আয়োগৰ অফিচিয়েল ৱেবছাইট upsc.gov.in ৰ পৰা পৰীক্ষা কৰিব পাৰিব।
UPSC CSE Prelims Result PDF ফৰ্মেটত আপলোড কৰা হ’ব য’ত ৰোল নম্বৰৰ চৰ্টলিষ্ট থাকিব।এই তালিকাত UPSC CSE Main Exam 2025 ৰ বাবে যোগ্য পৰীক্ষাৰ্থীৰ নাম থাকিব।
যোৱা বছৰ ইউ পি এছ চি , চি এছ ই প্ৰিলিমছৰ পৰীক্ষাৰ ফলাফলত সকলো শাখাতে কাট অফ নম্বৰ পোৱা গৈছিল।সাধাৰণ শাখাৰ কাট অফ ৮৭.৯৮ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে অ’বিচি আৰু ইডব্লিউএছ শাখাৰ কাট অফ ক্ৰমে ৮৭.২৮ আৰু ৮৫.৯২ত আছে।
ইউ পি এছ চিয়ে মুকলি কৰিলে নতুন পৰ্টেল
কেন্দ্ৰীয় লোকসেৱা আয়োগে বুধবাৰে এটা নতুন পৰ্টেল মুকলি কৰাৰ লগতে আবেদনকাৰীয়ে এতিয়া পঞ্জীয়নৰ বাবে আধাৰ প্ৰমাণীকৰণ ব্যৱহাৰ কৰাৰ বিকল্প লাভ কৰিব।
ইউ পি এছ চিয়ে আধাৰ পৰীক্ষণ আৰু প্ৰমাণীকৰণৰ বিকল্প অন্তৰ্ভুক্ত কৰি কয় যে, আবেদনকাৰীয়ে সাৰ্বজনীন আবেদনত নিজৰ আধাৰ কাৰ্ড আইডি ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰক যাতে আইডি আৰু অন্যান্য সবিশেষৰ সহজ, নিৰৱচ্ছিন্ন পৰীক্ষণ আৰু প্ৰমাণীকৰণ হ’ব পাৰে তাৰ পিছত ই সকলো পৰীক্ষাৰ বাবে স্থায়ী আৰু সাধাৰণ অভিলেখ হিচাপে কাম কৰিব।
আয়োগে কয় যে পৰিচয় প্ৰফাইলৰ উপৰিও আবেদনকাৰীয়ে আধাৰ বা আন যিকোনো বৈধ ফটো পৰিচয় পত্ৰ দাখিল কৰিব লাগিব।
লগতে পঢ়ক: বিখ্যাত পৰিচালক পাৰ্থো ঘোষৰ দেহাৱসান; হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু