দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনাব ৰাষ্ট্ৰসংঘই…
মৰণোত্তৰভাৱে দুগৰাকী ভাৰতীয় শান্তিৰক্ষীক সন্মান জনাব ৰাষ্ট্ৰসংঘই । ভাৰতীয় শান্তিৰক্ষী দুয়োজনেই কৰ্তব্য পালন কৰি থকা অৱস্থাত শ্বহীদ হৈছিল । ২৯ মে’ত আন্তঃৰাষ্ট্ৰীয় শান্তিৰক্ষী দিৱস উপলক্ষে অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত সন্মানিত হ’বলগীয়া ভাৰতীয় শান্তিৰক্ষী দুগৰাকীৰ ভিতৰত আছে ব্ৰিগেডিয়াৰ জেনেৰেল অমিতাভ ঝা আৰু হাবিলদাৰ সঞ্জয় সিং ।
এই দুগৰাকী ভাৰতীয় জোৱানক মৰণোত্তৰভাৱে সন্মান জনোৱা হ’ব-
ব্ৰিগেডিয়াৰ জেনেৰেল অমিতাভ ঝা, ৰাষ্ট্ৰসংঘৰ বিচ্ছিন্নতা পৰ্যবেক্ষক বাহিনী আৰু হাবিলদাৰ সঞ্জয় সিঙক কংগোৰ ৰাষ্ট্ৰসংঘৰ স্থিতিশীলতা অভিযানত নিযুক্তি দিয়া হৈছিল । দুয়োকে মৰণোত্তৰভাৱে ডেগ হামাৰস্কজল্ড পদক প্ৰদান কৰা হ’ব । ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ভাৰত চতুৰ্থ বৃহত্তম অৰিহণা যোগোৱা দেশ । বৰ্তমান ৫৩০০ ভাৰতীয় সামৰিক আৰু আৰক্ষী জোৱান ৰাষ্ট্ৰসংঘৰ বিভিন্ন শান্তিৰক্ষা অভিযানত নিয়োজিত হৈ আছে । এই সৈনিকসকল আবেই, মধ্য আফ্ৰিকান ৰিপাব্লিক, কংগো গণতান্ত্ৰিক ৰিপাব্লিক, লেবানন, ছোমালিয়া, দক্ষিণ চুডান আৰু পশ্চিম চাহাৰাৰ দৰে দেশত নিয়োজিত হৈ আছে ।
২৯ মে’ত অনুষ্ঠিত হ’বলগীয়া এই সন্মান অনুষ্ঠানত ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিয়া গুটেৰেছে ১৯৪৮ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ অভিযানত প্ৰাণ আহুতি দিয়া ৪৪০০ শান্তিৰক্ষী বাহিনীৰ স্মৃতিত মাল্যাৰ্পণ কৰিব । সন্মান অনুষ্ঠানত মুঠ ৫৭ গৰাকী সামৰিক, আৰক্ষী আৰু অসামৰিক শান্তিৰক্ষীক মৰণোত্তৰভাৱে সন্মান জনোৱা হ’ব । এই ৫৭ গৰাকী শান্তিৰক্ষী সৈন্যই যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ বিভিন্ন অভিযানত প্ৰাণ আহুতি দিছিল ।
যোৱা বছৰ ভাৰতীয় সেনাৰ মেজৰ ৰাধিকা সেনক ‘২০২৩ ইউ এন মিলিটাৰী জেণ্ডাৰ এডভোকেট অব দ্য ইয়েৰ’ প্ৰদান কৰা হৈছিল । ২০২৪ চনৰ মিলিটাৰী এডভোকেট বঁটা ঘানাৰ স্কোয়াড্ৰন লিডাৰ শ্বেৰন মিনছ’টে আৰু ছিয়েৰা লিয়নৰ ৰাষ্ট্ৰসংঘৰ মহিলা আৰক্ষী বিষয়া অধীক্ষক জৈনাব গাবালাক প্ৰদান কৰা হ’ব ।
২০০২ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰসংঘ শান্তিৰক্ষী দিৱস আৰম্ভ কৰা হয় । শান্তি অভিযানৰ সময়ত সেৱা আগবঢ়োৱা সৈনিকসকলৰ সন্মানত এই দিৱস পালন কৰা হয় । ১৯৪৮ চনত পশ্চিম এছিয়াৰ ইজৰাইল আৰু আৰব দেশৰ যুদ্ধত প্ৰথমবাৰৰ বাবে শান্তিৰক্ষী বাহিনী নিয়োগ কৰা হৈছিল ।
তাৰ পিছৰে পৰা সমগ্ৰ বিশ্বতে প্ৰায় ২০ লাখ শান্তিৰক্ষীয়ে ৭১টা অভিযানত সেৱা আগবঢ়াইছে । ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত ৬৮ হাজাৰ পুৰুষ আৰু মহিলা সৈনিক আছে, যিসকল আফ্ৰিকা, এছিয়া, ইউৰোপ আৰু পশ্চিম এছিয়াৰ ১১টা সংঘাতপূৰ্ণ অঞ্চলত নিয়োজিত হৈ আছে । বৰ্তমান বিশ্বৰ ১১৯খন দেশৰ সৈন্যই ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীত সেৱা আগবঢ়াই আছে ।
লগতে পঢ়ক : সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতক সমৰ্থন গোয়ানাৰ… বহু বিষয়ৰ ওপৰত হ’ল আলোচনা