হাইপাৰছ’নিক মিছাইল Tayfun Block-4 নিৰ্মাণ
তুৰস্কই বিশ্ববাসীৰ আগত নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।তুৰস্কই নিজৰ নতুন আৰু শক্তিশালী হাইপাৰছ’নিক বেলিষ্টিক মিছাইল Tayfun Block-4 বিশ্ববাসীৰ আগত প্ৰৱৰ্তন কৰিছে।
এইটো তুৰস্কৰ প্ৰথমটো হাইপাৰছ’নিক মিছাইল, যিটো ইস্তানবুলত অনুষ্ঠিত হোৱা আইডিইএফ ২০২৫ প্ৰতিৰক্ষা মেলাত দেখুওৱা হৈছিল।
এই ক্ষেপণাস্ত্ৰ তুৰস্কৰ বিশাল প্ৰতিৰক্ষা কোম্পানী ৰ’কেটছানে নিৰ্মাণ কৰিছে। ই তুৰস্কৰ থলুৱাভাৱে নিৰ্মিত আটাইতকৈ দীৰ্ঘ দূৰত্বৰ বেলিষ্টিক মিছাইল টাইফুনৰ হাইপাৰছ’নিক সংস্কৰণ।
Tayfun Block-4 ক্ষেপণাস্ত্ৰৰ দৈৰ্ঘ্য ৬.৫ মিটাৰ, ওজন ২৩০০ কিলোগ্ৰাম আৰু ৰেঞ্জ ৮০০ কিলোমিটাৰ হয়। ৰকেটছানে এক বিবৃতিত কয়, “টেফুন ব্লক-৪ দীৰ্ঘ দূৰত্বত আঘাত কৰিবলৈ সক্ষম”।
“ইয়াৰ ৱাৰহেডৰ সহায়ত, কেইবা কিলোমিটাৰ দূৰৰ পৰা বায়ু প্ৰতিৰক্ষা ব্যৱস্থা, কমাণ্ড এণ্ড কণ্ট্ৰল চেণ্টাৰ, মিলিটাৰী হেংগাৰ আৰু গুৰুত্বপূৰ্ণ সামৰিক সুবিধাসমূহৰ দৰে একাধিক কৌশলগত লক্ষ্য ধ্বংস কৰিবলৈ সক্ষম।”
টাইফুন মিছাইলৰ প্ৰথম সংস্কৰণ ২০২২ চনত প্ৰকাশ পাইছিল।ইয়াক বৰা মিছাইলৰ ভিত্তিত নিৰ্মাণ কৰা হৈছে, যিটো তুৰস্ক আৰু চীনে যৌথভাৱে বিকশিত কৰিছিল।
ইয়াৰ প্ৰথম পৰীক্ষা ২০২২ চনৰ অক্টোবৰ মাহত ৰিজে-আৰ্টভিন বিমানবন্দৰৰ পৰা হৈছিল।পৰীক্ষাৰ সময়ত ৫ মিটাৰ সঠিকতাৰে ৫৬১ কিলোমিটাৰ দূৰত্বত সাগৰৰ লক্ষ্যস্থানত ক্ষেপণাস্ত্ৰটোৱে আঘাত কৰে।
ইয়াৰ পিছত ২০২৩ চনৰ মে’ মাহত দ্বিতীয়টো পৰীক্ষাৰ পিছত ইয়াৰ ছিৰিয়েল প্ৰডাকচন আৰম্ভ হয়।২০২৫ চনৰ ৩ ফেব্ৰুৱাৰীত তৃতীয় পৰীক্ষাত টাইফুনে হাইপাৰছ’নিক গতি লাভ কৰিছিল আৰু এই পৰীক্ষাটোও সফল হৈছিল।
হাইপাৰছনিক মিছাইল হ’ল সেইটো ক্ষেপণাস্ত্ৰ যিবোৰে শব্দৰ গতিতকৈ ৫ গুণ বেছি বেগেৰে নিজৰ লক্ষ্যৰ ফালে গতি কৰে।গতিবেগ বেছি হোৱাৰ বাবে ইহঁতক অনুসৰণ আৰু ৰখাবলৈ অতি কঠিন হৈ পৰে।
এইটো গতানুগতিক বিস্ফোৰক বা পাৰমাণৱিক অস্ত্ৰ কঢ়িয়াই নিব পৰাকৈ সক্ষম।কিছুমান অতি উন্নত হাইপাৰছ’নিক মিছাইল ১৫ মেক পৰ্যন্ত গতিৰে অৰ্থাৎ শব্দৰ ১৫ গুণ বেগেৰে উৰিব পাৰে।হাইপাৰছ’নিক মিছাইলৰ বিষয়ে শত্ৰুৱে জানিব পাৰিলেও ইয়াক ধ্বংস কৰাটো অতি কঠিন।
লগতে পঢ়ক: লুকাই নাথাকিব কোনো প্ৰাকৃতিক দুৰ্যোগ… ৩০ তাৰিখে উৎক্ষেপণ কৰা হ’ব পৃথিৱীৰ ৰক্ষক উপগ্ৰহ