‘যুদ্ধবিৰতি’ সন্দৰ্ভত এই কথা ক’লে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে তেওঁ যুদ্ধৰ অন্ত পেলাবলৈ ৰাছিয়াৰ সৈতে সহযোগিতা কৰিবলৈ সাজু । ট্ৰাম্পৰ সৈতে বাৰ্তালাপৰ পিছত জেলেনস্কিয়ে সোমবাৰে ৱাশ্বিংটনলৈ যোৱাৰ কথা ঘোষণা কৰে । প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি ট্ৰাম্পে জেলেনস্কিক কয় যে ভ্লাদিমিৰ পুটিনে যুদ্ধবিৰতিৰ পৰিৱৰ্তে এক ব্যাপক শান্তি চুক্তি পছন্দ কৰে । ইয়াৰ পিছত জেলেনস্কিয়ে ট্ৰাম্পৰ প্ৰস্তাৱক সমৰ্থন কৰি কয় যে আমেৰিকা, ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত ত্ৰিপাক্ষিক বৈঠক হ’ব লাগে ।
জেলেনস্কিয়ে কয় যে ইউক্ৰেইন শান্তি অনাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ । গুৰুত্বপূৰ্ণ বিষয়সমূহ নেতা পৰ্যায়ত আলোচনা কৰা উচিত আৰু ইয়াৰ বাবে ত্ৰিপাক্ষিক ফৰ্মেট উপযুক্ত । তেওঁ কয় যে আলোচনাৰ প্ৰতিটো পৰ্যায়তে ইউৰোপীয় নেতাসকল উপস্থিত থাকিব লাগে, যাতে কঠিন নিৰাপত্তাৰ নিশ্চয়তা নিশ্চিত কৰিব পৰা যায় ।
দৰাচলতে আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকত ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধবিৰতি সন্দৰ্ভত কোনো চুক্তিত উপনীত হোৱা নাছিল । ইয়াৰ পিছতে আলাস্কাৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ সময়ত ট্ৰাম্পে জেলেনস্কি আৰু ইউৰোপৰ অন্যান্য নেতাসকলক ফোন কৰে । ইউক্ৰেইনৰ নেতাগৰাকীৰ সৈতে এই টেলিফোনিক কথা-বতৰা এঘণ্টাৰো অধিক সময় ধৰি চলিছিল । প্ৰতিবেদন অনুসৰি ট্ৰাম্পে জেলেনস্কিক যুদ্ধবিৰতিৰ পৰিৱৰ্তে দ্ৰুত শান্তি চুক্তিৰ আলোচনা কৰিবলৈ কোৱা বুলি অনুমান কৰা হৈছে ।
ত্ৰিপাক্ষিক বৈঠকক সমৰ্থন জেলেনস্কিৰ-
জেলেনস্কিয়ে কয় যে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে তেওঁৰ দীঘলীয়া আৰু ফলপ্ৰসূ আলোচনা হৈছিল । তেওঁ ইউক্ৰেইন, ৰাছিয়া আৰু আমেৰিকাৰ মাজত ত্ৰিপাক্ষিক বৈঠকৰ বাবে ট্ৰাম্পৰ প্ৰস্তাৱক সমৰ্থন কৰে । জেলেনস্কিয়ে টুইট কৰি কয় যে ইউক্ৰেইনে শান্তি প্ৰতিষ্ঠাৰ বাবে সকলো শক্তিৰে কাম কৰিবলৈ সাজু হোৱাটো নিশ্চিত কৰিছে ।
ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে আলাস্কাত এই দিনটো এটা সফল দিন আছিল । ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা বৈঠকখন অতি ভাল আছিল, একেদৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু নাটোৰ মহাসচিবকে ধৰি বহু ইউৰোপীয় নেতাৰ সৈতে গভীৰ নিশা হোৱা আলোচনাও ইতিবাচক আছিল । সকলোৱে সিদ্ধান্ত লয় যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ অন্ত পেলোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল কেৱল যুদ্ধবিৰতি নহয়, শান্তি চুক্তিৰ দিশে পোনপটীয়াকৈ আগবাঢ়ি যোৱা । তেওঁ কয় যে সোমবাৰে বিয়লি ৰাষ্ট্ৰপতি জেলেনস্কি অ’ভেল অফিচ (হোৱাইট হাউছ)লৈ আহিব । যদি সকলো ঠিকে থাকে তেন্তে ৰাষ্ট্ৰপতি পুটিনৰ সৈতে বৈঠকৰ দিন ধাৰ্য কৰা হ’ব । ইয়াৰ দ্বাৰা লাখ লাখ মানুহৰ জীৱন ৰক্ষা পৰিব পাৰে ।
আনহাতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে কথা পতাৰ পিছত তেওঁ ইউৰোপীয় নেতাসকলৰ সৈতেও কথা পাতিছে । সকলোৰে স্থিতি স্পষ্ট । এতিয়া ৰাছিয়াৰ আক্ৰমণাত্মক কাৰ্য্যৰ আন এক চুটি বিৰতি নহয়, স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো প্ৰয়োজনীয় । জেলেনস্কিয়ে কয় যে যুদ্ধত হোৱা হত্যাকাণ্ড তৎক্ষণাত বন্ধ কৰিব লাগে । লগতে বন্দৰসমূহত চলি থকা আক্ৰমণ বন্ধ হ’ব লাগে । তেওঁ সকলো যুদ্ধবন্দী আৰু অসামৰিক বন্দীক মুকলি কৰি দিয়াৰ লগতে ৰাছিয়াই অপহৰণ কৰা শিশুসকলক ঘূৰাই অনাৰ দাবী জনায় । তেওঁ কয় যে হাজাৰ হাজাৰ ইউক্ৰেইনৰ নাগৰিক এতিয়াও বন্দী হৈ আছে আৰু তেওঁলোকক ঘৰলৈ ঘূৰাই অনাটো অতি গুৰুত্বপূৰ্ণ ।
লগতে পঢ়ক : সমাধান নোলাল ইউক্ৰেইন যুদ্ধৰ… তিনি ঘন্টা ধৰি চলিল ট্ৰাম্প-পুটিনৰ ৰুদ্ধদ্বাৰ বৈঠকৰ