সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম-শতবাৰ্ষিকী
আজি ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ১০০ সংখ্যক ওপজা দিন। সুধাকণ্ঠৰ সোঁৱৰণত ৰাজ্যজুৰি বৰ্ণাঢ্য আয়োজন কৰা হৈছে।ৰাজ্য চৰকাৰৰ তৰফৰ পৰা বৰ্ষজোৰা জন্মজয়ন্তী উদযাপন কৰা হ’ব।
যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰিব গুণমুগ্ধসকলে।
বিশ্ববিখ্যাত শিল্পীগৰাকীৰ এশ সংখ্যক ওপজা দিনটো উলহ-মালহেৰে পালন কৰিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে।
চৰকাৰী-বেচৰকাৰী বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত বিগত বৰ্গৰ দৰে এইবাৰ উদযাপন কৰা হ’ব মহান শিল্পীগৰাকীৰ ওপজা দিনটো।
এটা যুগৰ শ্ৰষ্টা ড॰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এটা সম্ভ্ৰান্ত কৈৱৰ্ত্ত পৰিয়ালত। তেওঁৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা আছিল।
নাজিৰাৰ আমোলাপট্টিত নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিব লগা হৈছিল। ড॰ হাজৰিকাই সংগীতপ্ৰাণ মনটো শৈশৱতে ঘৰখনৰ পৰিৱেশৰ পৰা লাভ কৰিছিল।
ড॰ হাজৰিকাই ধুবুৰী, গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল।তেওঁ গুৱাহাটীৰ ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।
তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা ১৯৪০ চনত প্ৰৱেশিকা পৰীক্ষা, ১৯৪২ চনত কটন মহাবিদ্যালয়ৰ পৰা ইণ্টাৰমেডিয়েট (কলা বিভাগ), ১৯৪৪ চনত কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
ভাৰতৰত্ন ড॰ ভূপেন হাজৰিকা ভাৰতৰ এগৰাকী গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তেওঁ অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল।
সাহিত্য আৰু সংস্কৃতি ক্ষেত্ৰত ড॰ হাজৰিকা অসমকে ধৰি দেশ-বিদেশতো বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন, ভাৰতৰ সাংস্কৃতিক জগতৰ উল্লেখনীয় সংগীত নাটক একাডেমী বঁটাৰ উপৰিও তেখেতে ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।
লগতে পঢ়ক: নায়ক হ’ল মহেন্দ্ৰ সিং ধোনী! মাধৱনৰ সৈতে ঘটাব নেকি অভিষেক?