আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত প্ৰধানমন্ত্ৰী মোদী
আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগাসন কৰি আছে।যোগ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনমত উপস্থিত হৈ ৩ লাখ লোকৰ সৈতে গণ যোগাসনৰ নেতৃত্ব দিছে।
আজি সমগ্ৰ দেশৰ ৪ লাখৰো অধিক স্থানত গণ কাৰ্যসূচীৰ জৰিয়তে যোগ দিৱস উদযাপন কৰা হৈছে।উধামপুৰত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে জোৱান সকলৰ সৈতে যোগ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ সময়ত সংসদ ভৱন কমপ্লেক্সত লোকসভাৰ অধ্যক্ষ ওম বিৰলাক যোগাসন কৰা দেখা গৈছে।
দেশবাসীক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি ভাষণৰ আৰম্ভণি কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।তেওঁ কয় যে,‘আজি ২১ জুনত সমগ্ৰ বিশ্বই একাদশ বাৰৰ বাবে একেলগে যোগাসন কৰিছে। যোগৰ সহজ অৰ্থ হ’ল সংযোগ। যোগে যে সমগ্ৰ বিশ্বক সংযোগ কৰি ৰাখিছে সেয়া দেখি ভাল লাগে।’
যোগক গণ আন্দোলন হিচাপে গঢ়ি তোলকঃ প্ৰধানমন্ত্ৰী
বিশাখাপট্টনমত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় – আমি একেলগে যোগক এক গণ আন্দোলন হিচাপে গঢ়ি তুলিব লাগিব যিয়ে বিশ্বক শান্তি আৰু সম্প্ৰীতিৰ দিশত আগুৱাই নিব।য’ত প্ৰতিজন ব্যক্তিয়ে দিনটো আৰম্ভ কৰি ভাৰসাম্য বিচাৰি পায়। যোগ মানৱতাক একত্ৰিত কৰাৰ মাধ্যম হৈ পৰে।
যোগ দিৱসৰ এটা দশকৰ যাত্ৰাৰ কথা স্মৰণ প্ৰধানমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰী গৰাকীয়ে কয়- যোৱা দশকত যোগৰ যাত্ৰালৈ চালে বহু কথা মনত পৰে। যেতিয়া ভাৰতে ৰাষ্ট্ৰসংঘত এই প্ৰস্তাৱ আগবঢ়াইছিল, তেতিয়া সম্ভৱপৰ কম সময়ৰ ভিতৰতে বিশ্বৰ দেশসমূহে আমাৰ প্ৰস্তাৱৰ সৈতে থিয় দিছিল।
এনে সমৰ্থন আজিৰ পৃথিৱীত সাধাৰণ ঘটনা নহয়। মানৱতাৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি যোগাসন সমগ্ৰ বিশ্বৰ কোটি কোটি লোকৰ জীৱনশৈলীৰ অংগ হৈ পৰিছে।
তেওঁ কয় যে আমাৰ দিব্যাং বন্ধুসকলে যোগশাস্ত্ৰ অধ্যয়ন, বিজ্ঞানীসকলে মহাকাশত যোগ কৰা দেখিলেই গৌৰৱ অনুভৱ কৰো। যোগে আমাক শান্তিৰ দিশ দিয়ে।
মেদবহুলতা এটা ডাঙৰ সমস্যা: প্ৰধানমন্ত্ৰী
প্ৰধানমন্ত্ৰী গৰাকীয়ে মেদবহুলতাক ডাঙৰ সমস্যা আখ্যা দি কয় যে আমি আমাৰ খাদ্যত ১০ শতাংশ কম তেল ব্যৱহাৰ কৰিব লাগে। মানুহে যোগাসনত যোগদান কৰি সুস্থ হৈ থকা উচিত।
লগতে পঢ়ক: ২১ জুনত কিয় পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ? জানক ইয়াৰ গুৰুত্ব আৰু ২০২৫ চনৰ বিষয়বস্তু