অমিত শ্বাহৰ ডাঙৰ মন্তব্য
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰতীয় ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এটা ডাঙৰ বক্তব্য আগবঢ়াইছে।তেওঁ কয় যে ভাৰতৰ মানুহে ইংৰাজী ক’বলৈ লাজ অনুভৱ কৰিব সেই দিনটো এতিয়া বহু দূৰত নহয়।
ভাৰতীয় ভাষাক দেশৰ সংস্কৃতিৰ ৰত্ন বুলি অভিহিত কৰি তেওঁ কয় এই ভাষাসমূহ আমাৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংগ আৰু ইয়াৰ অবিহনে আমাক ভাৰতীয় বুলি ক’ব নোৱাৰি।
দিল্লীত প্ৰাক্তন চৰকাৰী চাকৰিয়াল আই এ এছ আশুতোষ অগ্নিহোত্ৰীয়ে লিখা এখন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ভাষণ দি অমিত শ্বাহে কয়, ‘মোৰ কথা ভালকৈ শুনক আৰু মনত ৰাখিব, এই দেশত ইংৰাজী ক’বলৈ মানুহে লাজ অনুভৱ কৰিব, এনে এখন সমাজৰ সৃষ্টি এতিয়া দূৰত নহয়’।
‘কেৱল তেওঁলোকেহে কাম কৰিব পাৰে যিসকলে এবাৰতে মনত সিদ্ধান্ত লয় আৰু মোৰ বিশ্বাস আমাৰ দেশৰ ভাষাবোৰ আমাৰ সন্মান’।
‘ইয়াৰ অবিহনে আমি ভাৰতীয় নহয়। আপুনি যিকোনো বিদেশী ভাষাত আপোনাৰ ইতিহাস, সংস্কৃতি আৰু ধৰ্ম বুজিব নোৱাৰিব।’
গৃহমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, অসম্পূৰ্ণ বিদেশী ভাষাৰে এখন সম্পূৰ্ণ ভাৰত কল্পনা কৰিব নোৱাৰি।যুঁজখন কিমান কঠিন সেই বিষয়ে মই সম্পূৰ্ণৰূপে অৱগত।
মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে ভাৰতীয় সমাজ এই যুঁজখনত জয়ী হ’ব আৰু আমি নিজৰ ভাষাক লৈ গৌৰৱ কৰি আমাৰ দেশ চলাম, চিন্তা কৰিব, গৱেষণা কৰিব, সিদ্ধান্ত ল’ম আৰু পৃথিৱীত শাসন কৰিম। ইয়াত কাৰোৰে সন্দেহ কৰাৰ প্ৰয়োজন নাই।
তেওঁ আৰু কয় যে, মোডী জীয়ে অমৃত কালৰ বাবে পঞ্চ প্ৰাণৰ ভেটি স্থাপন কৰিছে। উন্নত ভাৰতৰ লক্ষ্য, দাসত্বৰ প্ৰতিটো অংশৰ পৰা স্বাধীনতা লাভ, আমাৰ ঐতিহ্যক লৈ গৌৰৱ কৰা, ঐক্য আৰু সংহতিৰ প্ৰতি উৎসৰ্গিত হোৱা আৰু প্ৰতিজন নাগৰিকৰ মাজত কৰ্তব্যবোধ জগাই তোলা।আজি এই পঞ্চ প্ৰাণ ১৪০ কোটি মানুহৰ সংকল্প হৈ পৰিছে।
শ্বাহে কয় যে ২০৪৭ চনত আমি বিশ্বৰ শীৰ্ষত থাকিম। ইয়াত আমাৰ ভাষাসমূহে এক বৃহৎ ভূমিকা পালন কৰিব।ইয়াৰ উপৰিও আমি প্ৰযুক্তিৰ সহায়ত আমাৰ ভাষাসমূহ বিশ্ব কল্যাণৰ বাবে উপলব্ধ কৰাতো সফল হম।
লগতে পঢ়ক: ঘোষণা হ’ল অসম বিজেপিৰ নতুন তালিকা; কোনে কোনে পালে দায়িত্ব ?