মোদী চৰকাৰক আক্ৰমণ তেজস্বী যাদৱৰ
বিহাৰৰ লেনিন বুলি আখ্যা দিয়া জগদেৱ বাবুৰ শ্বহীদ দিৱসৰ দিনা সাসাৰামত আয়োজিত সংহতি সমাৱেশৰ পৰা বাৰাণসীৰ স্নেহা কুশৱাহা হত্যাকাণ্ডক লৈ মোদী চৰকাৰৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় তেজস্বী যাদৱে।
সাসাৰামৰ কন্যা স্নেহা কুমাৰীৰ ৰহস্যজনক মৃত্যুৰ প্ৰসংগ উত্থাপন কৰি তেজস্বীয়ে কয় “মোদী জীয়ে নিজৰ মাতৃক গালি-গালাজ কৰাৰ বিষয়টো লৈ দেশজুৰি নাটক কৰি থাকিল,কিন্তু সাসাৰামৰ বাসিন্দা স্নেহাৰ মাতৃয়ে এতিয়াও কন্যাৰ ন্যায় বিচাৰি দুৱাৰে দুৱাৰে টোকৰ মাৰি আছে।মা সকলোৰে বাবে একেই, কিন্তু এই চৰকাৰে ভুক্তভোগীৰ পৰিয়ালক লৈ চিন্তিত নহয়।”
তেজস্বী যাদৱে কয় যে, স্নেহাৰ পিতৃ-মাতৃয়ে অহৰহ ন্যায় বিচাৰি আছে।তেওঁলোকে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ কৰি বিষয়টোৰ ন্যায্য তদন্তৰ বাবে আবেদন জনাইছে। কিন্তু বৰ্তমানলৈকে পৰিয়ালটোৱে ন্যায় পোৱা নাই ।
তেজস্বীৱে সমগ্ৰ বিষয়টো লৈ বিজেপি আৰু প্ৰধানমন্ত্ৰীক কাঠগড়াত থিয় কৰাই কয় যে, “স্নেহা এতিয়া আৰু আমাৰ মাজত নাই কিন্তু তেওঁক ন্যায় দিয়াটো আমাৰ দায়িত্ব”।
“মোদী জীয়ে মিছা বিষয় আৰু এজেণ্ডা স্থাপন কৰি মানুহৰ আৱেগৰ সৈতে খেলা কৰে, আনহাতে কন্যাৰ মাতৃয়ে এতিয়াও ন্যায় বিচাৰি হাবাথুৰি খাই ফুৰিছে।”
লগতে পঢ়ক: ‘B য়ে কেৱল বিড়ি নহয় বুদ্ধিও বুজাই, যিটো আপোনালোকৰ ওচৰত নাই’; পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ