তেজ প্ৰতাপ যাদৱৰ ডাঙৰ মন্তব্য
বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ তেজ প্ৰতাপ যাদৱ বক্তব্যৰ বাবে প্ৰায়ে বাতৰিৰ শিৰোনাম দখল কৰে।
এই কথা তেওঁ পুনৰবাৰ নিজৰ ছ’চিয়েল মিডিয়া এক্স হেণ্ডেলত পোষ্ট কৰিছে,যিটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে।তেজ প্ৰতাপে কয়, “পাঁচটা জয়চান্দৰ ভিতৰৰ এজন আজি বিহাৰৰ পৰা পলাই যাব।”
তেজ প্ৰতাপে নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয়,”এটা গুৰুত্বপূৰ্ণ তথ্য, পাঁচজন জয়চান্দৰ ভিতৰৰ এজন আজি বিহাৰৰ পৰা পলায়ন কৰিবলৈ ওলাইছে”।
“আজি সন্ধিয়া তেওঁ সমগ্ৰ পৰিয়ালৰ সৈতে পাটনা জংচনৰ পৰা পলায়নৰ প্ৰস্তুতি চলাইছে।যেতিয়া নিৰ্বাচনৰ সময় আহিল, খেলপথাৰৰ পৰা পলাই যোৱাটোৱে কি সূচাই সেয়া সাধাৰণৰ ভাই-ভনী আৰু সংবাদ মাধ্যমে এই সিদ্ধান্ত লোৱা উচিত”।
” মোৰ চকুৰ পৰা কোনো জয়চন্দই সাৰি যাব নোৱাৰে।ক্ৰমান্বয়ে বাকী থকা জয়চান্দৰ মুখ আৰু চৰিত্ৰও শীঘ্ৰে উন্মোচিত হ’ব।কাৰণ ঈশ্বৰৰ ঘৰত পলম হয়, কিন্তু অন্যায় নহয়”।
“মই সকলো মিডিয়া বন্ধুক কব বিচাৰো যে এলাৰ্ট মোডত থাকক, এই জয়চান্দই পাটনা বিমানবন্দৰ, পাটনা জংচন বা আনকি বাছ ষ্টেণ্ডৰ পৰাও পলায়ন কৰিব পাৰে।”
ইয়াৰ পূৰ্বে আন এক এক্স-পোষ্টত তেজ প্ৰতাপে আকাশ যাদৱ নামৰ এজন ব্যক্তিক জয়চন্দ বুলি উল্লেখ কৰিছিল।
লগতে পঢ়ক: উপ-ৰাষ্ট্ৰপতি পদৰ বাবে মনোনয়ন দাখিল চি পি ৰাধাকৃষ্ণনৰ… সংগ দিলে প্ৰধানমন্ত্ৰী মোদীয়ে