উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ শৰদ পাৱাৰৰ ডাঙৰ মন্তব্য
উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সেও নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব।ইণ্ডিয়া এলায়েন্সে প্ৰাৰ্থীৰ নাম বিবেচনা কৰি আছে।
এন চি পি (শ্বাৰদ) ফৈদৰ নেতা শৰদ পাৱাৰে শনিবাৰে কয় যে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী কোন হ’ব, ইয়াৰ বাবে এই সপ্তাহত আমাৰ এখন সভা অনুষ্ঠিত কৰি নাম ঘোষণা কৰিম।
এটা প্ৰশ্নৰ উত্তৰত তেওঁ কয় এই সন্দৰ্ভত আমি এখন বৈঠক অনুষ্ঠিত কৰিম।য’ত সম্ভাৱ্য নামসমূহ বিবেচনা কৰা হ’ব।তেওঁ কয় যে ইয়াতকৈ বেছি তথ্য মই দিব নোৱাৰো।
উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি আছে।মনোনয়নৰ অন্তিম তাৰিখ ২১ আগষ্ট। অহা ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন।
সংবাদমেলত শাৰদ পাৱাৰে কয় যে বিহাৰত SIR সন্দৰ্ভত আমাৰ কিছু সন্দেহ আছে।এই বিষয়ত বিগত ১৫ দিন ধৰি সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে।
ড’নাল্ড ট্ৰাম্পৰ শুল্ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তেওঁ কয় যে তেওঁ অনুভৱ কৰে যে আমেৰিকাই ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে।
আমি অনুভৱ কৰোঁ যে এনেবোৰ বিষয়ত আমি সকলো দেশবাসীয়ে একত্ৰিত হৈ দেশৰ স্বাৰ্থ ৰক্ষাৰ বাবে চৰকাৰক সমৰ্থন কৰা উচিত।
লগতে পঢ়ক: ‘ভাৰতৰ ভাগ্য ইমান বেয়া নহয়…’; নেতান্যাহুৰ মন্তব্যত ক্ষোভ ওৱেইছিৰ