SCO নেতাৰ গ্ৰুপ ফটো চেচন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বৰ্তমান চীনত আছে, আজি চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙকো সাক্ষাৎ কৰে। ত্যেনজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনৰ আঁৰত অনুষ্ঠিত হয় এই বৈঠক।
ইয়াৰ উপৰিও আজি, SCO’ দেশৰ নেতাসকলৰ গ্ৰুপ ফটো চেচনো হয়, য’ত প্ৰধানমন্ত্ৰী মোদী, ছি জিনপিং, ভ্লাদিমিৰ পুটিন আৰু শ্বাহবাজ শ্বৰীফক একেখন মঞ্চতে দেখা পোৱা গ’ল।
আজি আৰু কাইলৈ অৰ্থাৎ ১ ছেপ্টেম্বৰত উত্তৰ চীনৰ ত্যেনজিনত অনুষ্ঠিত হ’বলগীয়া এছ চি অ’ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে এক্সত পোষ্ট কৰিছিল যে ‘ত্যেনজিন,চীন পালোঁহি। আলোচনা আৰু SCO শীৰ্ষ সন্মিলনত বিশ্বৰ বিভিন্ন নেতাক লগ পোৱাৰ বাবে আগ্ৰহী’।
দেওবাৰে স্থানীয় সময় অনুসৰি দিনৰ প্ৰায় ১২ বজাৰ পৰা প্ৰধানমন্ত্ৰী মোদী-জিনপিঙৰ বৈঠক আৰম্ভ হয়। এনে সময়ত মোদী আৰু জিনপিঙৰ বৈঠক হৈছে, যিটো সময়ত ভাৰত আৰু চীনৰ সম্পৰ্ক কিছু ভাল হৈছে।
৭ বছৰৰ পাছত এইটোৱেই হৈছে প্ৰধানমন্ত্ৰী মোদীৰ চীন ভ্ৰমণ আৰু দহ মাহৰ ভিতৰত ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে তেওঁৰ দ্বিতীয়খন সাক্ষাৎ। ৰাছিয়াৰ কাজানত অনুষ্ঠিত ব্ৰিকছ ২০২৪ শীৰ্ষ সন্মিলনৰ সময়ত শেষ বৈঠকখন অনুষ্ঠিত হৈছিল।
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা বৈঠকত জিনপিঙে কয় যে আমি ভাল চুবুৰীয়া, বিশ্বাসযোগ্য অংশীদাৰ আৰু ইজনে সিজনৰ সফলতাত সহায় কৰা বন্ধু হ’ব লাগে।
ড্ৰেগন (চীন) আৰু হাতী (ভাৰত) একেলগে কাম কৰাটো দুয়োখন দেশৰ বাবে সঠিক বিকল্প। তেওঁ কয় যে ভাৰত-চীনৰ সম্পৰ্কক দীৰ্ঘম্যাদী আৰু কৌশলগত দৃষ্টিকোণৰ পৰা চাব লাগে।
এইবাৰ দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হ’ল, এনে পৰিস্থিতিত সম্পৰ্কবোৰ সুস্থিৰ আৰু গঠনমূলক কৰি ৰখাৰ দায়িত্ব আৰু বাঢ়ি যায়।
জিনপিঙে দুয়োখন দেশক কৌশলগত আলোচনা বৃদ্ধি কৰিবলৈ আহ্বান জনায়, পাৰস্পৰিক আস্থা শক্তিশালী কৰা, বহুপক্ষীয় সহযোগিতাত অংশগ্ৰহণ বৃদ্ধি কৰা আৰু গ্ল’বেল চাউথৰ সংহতি আগুৱাই নিয়াৰ আহ্বান জনায়।
লগতে পঢ়ক: ‘প্ৰধানমন্ত্ৰী মোদীক লগ পাই বৰ ভাল লাগিল…’; জিনপিঙে কৰিলে মোদীৰ প্ৰশংসা