ভাৰতত ক্ৰেডিট কাৰ্ডৰ ব্যৱহাৰ ক্ৰমাগতভাৱে দ্ৰুতগতিত বৃদ্ধি পাইছে । ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহলৈকে ভাৰতত ১০ কোটিতকৈ অধিক সক্ৰিয় ক্ৰেডিট কাৰ্ড ব্যৱহাৰকাৰী আছে । ২০২৫ চনৰ বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত ৰূপে (Rupay) ক্ৰেডিট কাৰ্ডৰ ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ (ইউ পি আই)ৰ লেনদেন প্ৰায় দুগুণ বৃদ্ধি পাইছে ।
এই তথ্য বিত্ত মন্ত্ৰালয়ৰ পৰা লাভ কৰা হৈছে । RuPay হৈছে ভাৰতৰ থলুৱা পেমেণ্ট নেটৱৰ্ক ব্যৱস্থা । ইয়াক ২০১২ চনত ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্প’ৰেশ্যনে (এন পি চি আই) আৰম্ভ কৰিছিল । ২০১৭ চনৰ জুন মাহত মুকলি কৰা হৈছিল RuPay Credit Card ।
এয়া হৈছে পৰিসংখ্যা-
২০২৫ বিত্তীয় বৰ্ষৰ প্ৰথম সাত মাহত, বিত্তীয় বৰ্ষ ২৪-ৰ একে সময়ৰ তুলনাত ৰুপে ক্ৰেডিট কাৰ্ডত ইউ পি আই লেনদেন দুগুণ হৈছে । ইউ পি আই ৰুপে ক্ৰেডিট কাৰ্ড লেনদেন বিত্তীয় বৰ্ষ ২০২৪-ত মুঠ ৩৩,৪৩৯.২৪ কোটি টকাৰ লেনদেনৰ সৈতে ৩৬.২৮ কোটি টকা ৰেকৰ্ড কৰা হৈছিল । বিত্তীয় বৰ্ষ ২০২৩-ৰ দ্বিতীয়াৰ্ধত, 0.৮৬ মিলিয়ন লেনদেন নথিভুক্ত কৰা হৈছিল, যাৰ মুঠ মূল্য আছিল ১৩৪.৬৭ কোটি টকা ।
২০২২ চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভ হৈছিল-
ক্ৰেডিট কাৰ্ডত ইউ পি আইৰ জৰিয়তে লেনদেনৰ বিকল্প খুব কমেইহে পোৱা যায় যদিও ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ৰুপেই নিজৰ ক্ৰেডিট কাৰ্ড ইউ পি আইৰ সৈতে সংযোগ কৰিবলৈ আৰম্ভ কৰে । অৰ্থাৎ এতিয়া ব্যৱহাৰকাৰীয়ে নিজৰ RuPay ক্ৰেডিট কাৰ্ড UPI এপৰ সৈতে লিংক কৰিব পাৰিব । ব্যৱহাৰকাৰীয়ে এতিয়া RuPay ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পোনপটীয়াকৈ UPI পেমেণ্ট কৰিব পাৰিব ।