১৮ বছৰীয়া অপেক্ষাৰ অন্ত
ইতিহাস ৰচনা কৰি ১৮ বছৰীয়া অপেক্ষাৰ অৱসান ঘটাই আই পি এলৰ চেম্পিয়ন হ’ল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু তথা আৰ চি বি । ১৮ বছৰীয়া অপেক্ষাৰ অন্ত পেলাই আই পি এল ২০২৫ খিতাপ দখল কৰে আৰ চি বিয়ে । ১৮টা ছিজনৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত চেম্পিয়ন হ’ল বিৰাট কোহলীৰ দল ।
আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত ফাইনেলত আৰ চি বিয়ে পঞ্জাবক ৬ ৰাণত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল ২০২৫ৰ খিতাপ দখল কৰে । টছত পৰাস্ত হোৱাৰ পাছত প্ৰথমে বেটিং কৰি আৰ চি বিয়ে ২০ অভাৰত ৯ উইকেটত ১৯০ ৰান সংগ্ৰহ কৰে । প্ৰত্যুত্তৰত পঞ্জাৱে ৭ উইকেটৰ বিনিময়ত ১৮৪ ৰানহে কৰিবলৈ সক্ষম হয় । আই পি এল চেম্পিয়ন হোৱা অষ্টমটো দল হৈছে আৰ চি বি । ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছ, চেন্নাই ছুপাৰ কিংছ, ডেক্কান চাৰ্জাৰ্ছ, মুম্বাই ইণ্ডিয়ানছ, গুজৰাট টাইটানছ, কলকাতা নাইট ৰাইডাৰ্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদে চেম্পিয়নৰ খিতাপ দখল কৰিছে ।
বাংগালুৰুৰ ইনিংছ-
বেংগালুৰুৱে প্ৰথমে বেটিং কৰি ৯ উইকেট হেৰুৱাই ২০ অভাৰত ১৯০ ৰান সংগ্ৰহ কৰে । টছ হেৰুৱাই প্ৰথমে বেটিং কৰা বাংগালুৰুৰ আৰম্ভণি দুৰ্বল আছিল । দুটা চাৰি আৰু এটা ৬ৰ সহায়ত ৯ বলত ১৬ ৰান সংগ্ৰহ কৰি আউট হৈছিল ফিল ছল্ট । জেমিছনে তেওঁক পেভিলিয়নৰ বাট দেখুৱাই । ইয়াৰ পিছতে বিৰাট কোহলীয়ে মায়ংক আগৰৱালৰ সৈতে ইনিংছ চম্ভালিবলৈ চেষ্টা কৰে যদিও ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰি মায়ংক আউট হয় । দুটা চাৰি আৰু এটা ছয়ৰ সহায়ত ১৮টা বলত ২৪ ৰান সংগ্ৰহ কৰি আউট হয় তেওঁ । ইয়াৰ পিছতে ১৬টা বলত ২৬ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতে ৰজত পাটিদাৰ ।
লিভিংষ্টনৰ সৈতে বিৰাটে ৩৬ ৰানৰ অংশীদাৰিত্ব গঢ়ে । ৩৫টা বলত তিনিটা চাৰিৰ সহায়ত ৪৩ ৰান সংগ্ৰহ কৰি আজমতুল্লাহৰ চিকাৰ হয় বিৰাট । জিতেশ শৰ্মাই বিস্ফোৰক ইনিংছ খেলিছিল যদিও এটা ডাঙৰ শ্বট খেলিবলৈ চেষ্টা কৰোঁতে তেওঁক বল্ড কৰে বিজয় কুমাৰে । জিতেশে ১০টা বলত দুটা চাৰি আৰু দুটা ছয়ৰ সহায়ত ২৪ ৰানৰ ইনিংছ খেলে । অন্তিম অভাৰত অৰ্শদীপে তিনিটা উইকেট দখল কৰে । তেওঁ ৰোমাৰিয়া শ্বেফাৰ্ড (১৭ ৰান), ক্ৰুনাল পাণ্ডিয়া (৪ ৰান) আৰু ভুৱনেশ্বৰ কুমাৰ (১ ৰান)ৰ উইকেট দখল কৰে । পঞ্জাৱৰ হৈ অৰ্শদীপ আৰু জেমিছনে তিনিটাকৈ উইকেট দখল কৰে । একে সময়তে আজমতুল্লাহ ওমৰজাই, বিজয় কুমাৰ আৰু যুজবেন্দ্ৰ চাহালে এটাকৈ উইকেট লাভ কৰে ।
পঞ্জাৱৰ ইনিংছ-
১৯১ ৰানৰ লক্ষ্য অুসৰণ কৰা পঞ্জাৱে ভাল আৰম্ভণি কৰিছিল । প্ৰিয়ংশ আৰ্য্য আৰু প্ৰভসীমৰণ সিঙে ৪৩ ৰানৰ অংশীদাৰিত্ব গঢ়ে । প্ৰিয়ংশক ২৪ ৰানত হেজেলউডে আউট কৰে । তাৰ পাছত ২২টা বলত ২৬ ৰান সংগ্ৰহ কৰি প্ৰভসিমৰণ সিঙক আউট হয় । ফাইনেলত কাম কৰা নাছিল শ্ৰেয়াছ আয়াৰৰ বেটে । এক ৰান সংগ্ৰহ কৰি আউট হয় অধিনায়কগৰাকী ।
জোছ ইংলিছে ভাল বেটিং কৰিছিল যদিও এটা চাৰি আৰু চাৰিটা ছয়ৰ সহায়ত ২৩টা বলত ৩৯ ৰান সংগ্ৰহ কৰি পেভিলিয়নলৈ উভতি আহে । ১৫ ৰান সংগ্ৰহ কৰি নেহাল বাধেৰা আৰু মাৰ্কাছ ষ্টয়নিছে ৬ ৰান সংগ্ৰহ কৰি আউট হয় । আজমাতুল্লাহ ওমৰজাই মাত্ৰ এটা ৰানহে কৰিবলৈ সক্ষম হয় । শশাংক সিঙে ৩০টা বলত ৬১ ৰান সংগ্ৰহ কৰে যদিও জয়ৰ বাবে সেয়া যথেষ্ট নাছিল । বেংগালুৰুৰ হৈ ভুৱনেশ্বৰ কুমাৰ আৰু ক্ৰুনাল পাণ্ডিয়াই দুটাকৈ উইকেট দখল কৰে । যশ দয়াল, জোছ হেজলউড আৰু ৰোমাৰিয়া শ্বেফাৰ্ডে এটাকৈ উইকেট লাভ কৰে ।
লগতে পঢ়ক : কিমান দামী আই পি এলৰ ট্ৰফী ? জানক দামকে ধৰি সবিশেষ…