মানহানিৰ গোচৰ ৰিণিকি ভূঞা শৰ্মাৰ
কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে ৰিণিকি ভূঞা শৰ্মাই। মীৰা বৰঠাকুৰৰ এটা মন্তব্যৰ পিছতেই গোচৰ দিছে প্ৰাইড ইষ্টৰ CMD শৰ্মাই।
CMD গৰাকীয়ে মহা মৃত্যুঞ্জয় মন্দিৰ, মা কামাখ্যা ধামৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ কৰিছিল কংগ্ৰেছী নেত্ৰী গৰাকীয়ে। এই অভিযোগৰ পিছতেই আইনৰ কাষ চাপিছে প্ৰাইড ইষ্টৰ CMD গৰাকীয়ে।
উল্লেখ্য যে অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে ৰিনিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে নগাঁৱৰ মহামৃত্যুঞ্জয় ধাম আৰু গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত ভক্তৰ পৰা অনুদান সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল।
এই অভিযোগৰ পিছতে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ মন্ত্ৰী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰিনিকী ভূঞা শৰ্মাই।
মীৰা বৰঠাকুৰ গোস্বামীৰ এই অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিণিকী ভূঞা শৰ্মাই উত্থাপিত অভিযোগ সম্পূৰ্ণ মিছা, ভিত্তিহীন আৰু মানহানিকাৰক বুলি দাবী কৰে অভিহিত কৰে।
তেওঁ লগতে এনে ভিত্তিহীন অভিযোগৰ প্ৰত্যুত্তৰত নিজা সুনাম ৰক্ষাৰ বাবে আইনী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও স্পষ্ট কৰি দিয়ে।
তেওঁ কৈছে যে, এই অভিযোগ কোনো কাৰণত গ্ৰহণ যোগ্য নহয়। যাৰ বাবে আদালতলৈ যাব লগা হৈছে। জানিব পৰা মতে ১৮ আগষ্টত গোচৰটোৰ শুনানি হ’ব ।
লগতে পঢ়ক: আমি উচ্চতম ন্যায়ালয়লৈ যাম… এ পি এছ চি কেলেংকাৰীক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া