ৰবি শাস্ত্ৰীয়ে টিম ইণ্ডিয়াক দিলে পৰামৰ্শ
ভাৰত আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা পাঁচখন টেষ্ট শৃংখলাৰ চতুৰ্থখন খেল মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হ’ব।
২৩ জুলাই (বুধবাৰ)ৰ পৰা আৰম্ভ হ’বলগীয়া খেলখনত উইকেটকীপাৰ বেটছমেন তথা টিম ইণ্ডিয়াৰ ভাইচ অধিনায়ক ঋষভ পণ্টে খেলিব নে নাই সেয়া সন্দেহজনক।
যদিহে পণ্টে মানচেষ্টাৰ টেষ্টত খেলিব নোৱাৰে তেন্তে ভাৰতীয় দলৰ সমস্যা বাঢ়িব কাৰণ এই উইকেটকীপাৰ বেটছমেনগৰাকীয়ে চলিত ছিৰিজত যথেষ্ট ফৰ্মত আছে।
লৰ্ডছত খেলা শৃংখলাৰ তৃতীয়খন টেষ্টৰ সময়ত আঘাতপ্ৰাপ্ত হৈছিল ঋষভ পন্ত। ইংলেণ্ডৰ প্ৰথম ইনিংছত পেচাৰ যশপ্ৰিত বুমৰহৰ পৰা বল সংগ্ৰহ কৰিবলৈ কৰা চেষ্টাত ঋষভ পন্তৰ বাওঁহাতৰ তৰ্জনী আঙুলিত আঘাত পাইছিল।
ইয়াৰ পাছতে ঋষভ পন্তৰ ঠাইত ধ্ৰুৱ জুৰেলে উইকেট ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’লে। যদিও ভাৰতৰ হৈ দুয়োটা ইনিংছতে পণ্টে বেটিং কৰিছিল।
এতিয়া টিম ইণ্ডিয়াৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ঋষভ পন্তক লৈ এটা ডাঙৰ বক্তব্য দিছে। শাস্ত্ৰীয়ে ভাৰতীয় দলটোক পৰামৰ্শ দি কৈছিল যে ঋষভ পন্তক এতিয়া চতুৰ্থ টেষ্ট মেচৰ বাবে প্লেইং-১১ৰ বাহিৰত ৰাখিব লাগে।
শাস্ত্ৰীৰ মতে পন্ত সম্পূৰ্ণ ফিট হোৱাৰ পিছতহে ফিল্ডিং কৰিব লাগে। শাস্ত্ৰীয়ে লগতে কয় যে চতুৰ্থ টেষ্টত কেৱল বিশেষজ্ঞ বেটছমেন হিচাপে পণ্টক খেলাটো বিপদজনক হ’ব পাৰে।
ICCৰ পৰ্যালোচনাত সঞ্জনা গণেশনৰ সৈতে কথা পাতি ৰবি শাস্ত্ৰীয়ে কয়, ‘যদি সেই আঙুলিটো ভাঙিছে তেন্তে ঋষভ পন্তক জিৰণি দিয়াটো উচিত হ’ব।
এতিয়া ইংলেণ্ডে জানে যে তেওঁ আঘাতপ্ৰাপ্ত, এনে পৰিস্থিতিত ভাৰতে বিকল্প খেলুৱৈও নাপাব। যদি ঋষভ পন্ত দলত আহে, তেন্তে তেওঁ বেটিং আৰু উইকেটকীপ দুয়োটা কাম কৰিব লাগিব। অসুস্থ ফিটনেছৰ সৈতে কোনো কাম কৰিলেই নহ’ব৷’
ৰবি শাস্ত্ৰীয়ে আৰু কয়, ‘মই নাভাবো যদি ঋষভ পন্তই উইকেট ৰাখিব নোৱাৰে, তেন্তে তেওঁ বিশেষ বেটছমেন হিচাপে খেলপথাৰত প্ৰৱেশ কৰিব লাগে। যদি তেওঁ উইকেটকিপিং নকৰে তেন্তে ফিল্ড কৰিব লাগিব’।
‘যদি একেটা অংশতে গ্লভছ নোহোৱাকৈ পুনৰ আঘাতপ্ৰাপ্ত হয়, তেতিয়া পৰিস্থিতি আৰু বেয়া হ’ব। উইকেট কিপিঙত কিছু সুৰক্ষা আছে, কিন্তু ফিল্ডাৰ হিচাপে নহয়। এনে পৰিস্থিতিত আঘাত আৰু গুৰুতৰ হ’ব পাৰে।’