নুডলছত কৰ্কট ৰোগৰ সতৰ্কবাণী!
বৰ্তমানৰ ব্যস্ত জীৱনত তৎক্ষণাত নুডলছ সকলোৰে প্ৰিয় হৈ পৰিছে।শিশুৰ টিফিন হওক বা কাৰ্যালয়ৰ পৰা উভতি অহাৰ পিছত ভোক নিবাৰণৰ বাবে এই তৎক্ষণাত খাদ্য সমূহ ব্যৱহাৰ কৰা হয়।
কিন্তু শেহতীয়াকৈ ইণ্টাৰনেটত ভাইৰেল হোৱা এটা ভিডিঅ’ই এই ‘ফাষ্ট ফুড’ৰ সত্যতা উদঙাই দিছে, যিয়ে সকলোতে আতংকৰ সৃষ্টি কৰিছে।
ভিডিঅ’টোত দাবী কৰা হৈছে যে ৰেমেন নুডলছ ব্ৰেণ্ডৰ পেকেটত স্পষ্টকৈ লিখা আছে যে ইয়াত থকা কিছুমান ৰাসায়নিক পদাৰ্থই কেন্সাৰ সৃষ্টি কৰিব পাৰে।
তাৰ পিছতে ৰেমেন নুডলছ বিপদজনক বিতৰ্কৰ অংশ হৈ পৰিছে।ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’ য’ত কিছুমান ৰেমেন পেকেটত ছপা কৰা হৈছে এক আচৰিত সতৰ্কবাণী। তাত লিখা আছে “সতৰ্কবাণী: কেন্সাৰ আৰু প্ৰজননৰ ক্ষতি কৰিব পাৰে”।
এই ভিডিঅ’টো ‘@omggotworms’ নামৰ এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। যিয়ে তেওঁৰ অনুগামীসকলক সকীয়াই দিছিল।
দৰাচলতে খাদ্য বিশেষজ্ঞ আৰু পুষ্টি বিশেষজ্ঞসকলে দীৰ্ঘদিন ধৰি সকীয়াই দি আহিছে যে অত্যধিক পৰিমাণৰ প্ৰচেছড আৰু তৎক্ষণাত খাদ্য গ্ৰহণ কৰাটো স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে।
লগতে পঢ়ক: ক্ষণিকতে নোহোৱা হ’ব শৰীৰৰ অতিৰিক্ত চৰ্বি; কুহুমীয়া পানীত মিহলাই খাওক এইবিধ বস্তু