দেওবাৰে লক্ষ্ণৌত ব্ৰহ্মছ একীকৰণ আৰু পৰীক্ষণ সুবিধা উদ্বোধন কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে । এই সময়ছোৱাত তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে আজি এটা গুৰুত্বপূৰ্ণ দিন । ৰাজনাথ সিঙে অপাৰেচন সিন্দুৰ সম্পৰ্কীয় তথ্য ভাগ-বতৰা কৰে । তেওঁ কয় যে ভাৰতীয় সেনাই সাহস আৰু বীৰত্ব প্ৰদৰ্শন কৰাৰ লগতে সংযম প্ৰদৰ্শন কৰি কেইবাটাও পাকিস্তানী সামৰিক ঘাটি আক্ৰমণ কৰি উপযুক্ত উত্তৰ দিছে । আমি কেৱল সীমান্তৰ সমীপত অৱস্থিত সামৰিক ঘাটিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাই নহয়, পাকিস্তান সেনাৰ মুখ্য কাৰ্যালয় থকা ৰাৱালপিণ্ডিলৈকে ভাৰতীয় সেনাৰ শক্তি অনুভূত হৈছিল ।
ভাৰতত সন্ত্ৰাসবাদী ঘটনা সংঘটিত কৰা আৰু কৰোৱাৰ পৰিণতি কি, উৰি কাণ্ডৰ পিছত সমগ্ৰ বিশ্বই দেখিছিল যেতিয়া আমাৰ সেনাই পাকিস্তানত প্ৰৱেশ কৰি চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল । ইয়াৰ উপৰিও পুলৱামাৰ পিছতো বিশ্বই দেখিছিল, যেতিয়া বালাকোটত বিমান আক্ৰমণ সংঘটিত হৈছিল আৰু এতিয়া পহলগাম কাণ্ডৰ পিছত বিশ্বই চকু ৰাখিছে । যেতিয়া ভাৰতে পাকিস্তানৰ ভিতৰত প্ৰৱেশ কৰি একাধিক আক্ৰমণ চলাইছিল ।
আমি ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে ন্যায় প্ৰদানৰ কাম কৰিছো : ৰাজনাথ সিং
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি অনুসৰণ কৰি আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্ট কৰি দিছে যে এয়া এখন নতুন ভাৰত, যিয়ে সীমান্তৰ দুয়োপাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব । ভাৰত মাতৃৰ কপালত আক্রমণ কৰি বহু পৰিয়ালৰ সেন্দুৰ মচি পেলোৱা সেই ভাৰত বিৰোধী আৰু সন্ত্ৰাসবাদী সংগঠনসমূহক আক্ৰমণ কৰি ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে ভাৰতীয় সেনাই ন্যায় প্ৰদান কৰিছে । ইয়াৰ বাবে আজি সমগ্ৰ দেশে ভাৰতীয় সশস্ত্ৰ বাহিনীক অভিনন্দন জনাইছে ।
অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয় ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু কৌশলগত ইচ্ছাৰ প্ৰতীক । এই অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় ইচ্ছাশক্তি আৰু লগতে ইয়াৰ সামৰিক শক্তিৰ সামৰ্থ্য আৰু সংকল্পৰ প্ৰদৰ্শন । আমি দেখুৱাইছো যে ভাৰতে যেতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব তেতিয়াই সীমান্তৰ সিপাৰৰ মাটিও সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকৰ বাবে সুৰক্ষিত নহ’ব ।
পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ভাঙি পেলোৱাৰ লক্ষ্যৰে ভাৰতীয় বাহিনীয়ে অপাৰেচন সিন্দুৰ আৰম্ভ কৰে । আমি কেতিয়াও তেওঁলোকৰ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা নাছিলো । কিন্তু পাকিস্তানে ভাৰতৰ অসামৰিক অঞ্চলক লক্ষ্য কৰি লোৱাই নহয়, মন্দিৰ, গুৰুদ্বাৰ, গীৰ্জা আদিকো আক্ৰমণৰ চেষ্টা চলাইছিল ।
আজি এটা অতি বিশেষ দিন : ৰাজনাথ সিং
ব্ৰাহ্মছ একীকৰণ আৰু পৰীক্ষণ সুবিধা উদ্বোধন কৰি ৰাজনাথ সিঙে কয় যে আজি এক অতি বিশেষ দিন । আপোনালোকে সকলোৱে জানে যে আজি ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস । ১৯৯৮ চনৰ আজিৰ দিনটোতে সন্মানীয় অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বত আমাৰ বিজ্ঞানীসকলে পোখৰাণত পাৰমাণৱিক পৰীক্ষা কৰি ভাৰতৰ শক্তি বিশ্ববাসীৰ আগত দেখুৱাইছিল । সেই পৰীক্ষা আছিল আমাৰ বিজ্ঞানী, অভিযন্তা, প্ৰতিৰক্ষা কৰ্মী আৰু আন বহু অংশীদাৰৰ অক্লান্ত প্ৰচেষ্টাৰ ফল । আমাৰ বিজ্ঞানী আৰু অভিযন্তাসকলক স্বীকৃতি দিয়াৰ লগতে তেওঁলোকৰ অৱদানক স্বীকৃতি দিয়াৰ দিন ।
ব্যক্তিগতভাৱে মোৰ বাবে আজি এটা গুৰুত্বপূৰ্ণ দিন । কাৰণ মোৰ চহৰ লক্ষ্ণৌৰ বাবে মোৰ এটা সপোন আছিল যে ভাৰতৰ প্ৰতিৰক্ষা খণ্ডক শক্তিশালী কৰাত মোৰ চহৰখনে ডাঙৰ অৱদান আগবঢ়াব লাগে । সেই সপোন এতিয়া বাস্তৱত পৰিণত হৈছে । ৰাষ্ট্ৰীয় প্ৰযুক্তিৰ বিশেষ গুৰুত্ব আছে । আজি উদ্বোধন কৰাটো মোৰ বাবে গৌৰৱৰ বিষয় ।