ইতিহাস সৃষ্টিৰ পৰা বঞ্চিত পি ভি সিন্ধু
ভাৰতৰ অভিজ্ঞ শ্বাটলাৰ পি ভি সিন্ধুৰ বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ ২০২৫ৰ যাত্ৰাৰ অন্ত পৰিল।পেৰিছত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ২৯ আগষ্ট (শুকুৰবাৰ)ত মহিলাৰ একক শাখাত কোৱাৰ্টাৰ ফাইনেল মেচত পৰাস্ত হয় পিভি সিন্ধু।
১৫ নং ছিড প্ৰতিভা সিন্ধুৱে ইণ্ডোনেছিয়াৰ কুছুমা ৱাৰ্ডানীৰ হাতত ১৪-২১, ২১-১৩, ১৬-২১ ত পৰাস্ত হয়।৯ম ছিড বর্দানীয়ে ১ ঘণ্টা ৮ মিনিটত জয়লাভ কৰে৷
উল্লেখ্য যে, ২০২৫ বৰ্ষটো পিভি সিন্ধুৰ বাবে বিশেষ নহয়। এই বছৰত পিভি সিন্ধুৱে ১৩খন মেচত পৰাস্ত হৈছে,আনহাতে তেওঁ মাত্ৰ ৯খনত হে জয়লাভ কৰে।
সিন্ধুৱে চলিত বৰ্ষত মাত্ৰ দুবাৰহে এখন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়।বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ পূৰ্বে বছৰৰ আৰম্ভণিতে ইণ্ডিয়া অ’পেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল সিন্ধুৱে।
ইণ্ডিয়া অ’পেনৰ পিছত পি ভি সিন্ধুৱে ইণ্ডোনেছিয়া মাষ্টাৰছত খেলিছিল, য’ত তেওঁ ৩২ ৰাউণ্ডত বাহিৰ হৈছিল।ইয়াৰ পিছত সিন্ধুৱে অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়নশ্বিপ আৰু ছুইছ অ’পেনত প্ৰথম ৰাউণ্ডৰ মেচত পৰাস্ত হয়।
ইয়াৰ পিছত বেডমিণ্টন এছিয়ান চেম্পিয়নশ্বিপত ১৬ ৰাউণ্ডত জাপানৰ আকানে ইয়ামাগুচিৰ হাতত সিন্ধু পৰাস্ত হয়।
লগতে পঢ়ক: লিয়নেল মেছিৰ ডাঙৰ ঘোষণা; আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ ইংগিত!