শুভমন গীল
প্ৰবীণ টেষ্ট খেলুৱৈ চেতেশ্বৰ পূজাৰাই দেওবাৰে শুভমান গীলক লৈ ডাঙৰ মন্তব্য কৰিছে। তেওঁ কৈছে যে ইংলেণ্ডত কঠিন পৰিস্থিতিত ভাৰতৰ অধিনায়কত্ব শুভমন গীলৰ দৰে যুৱ খেলুৱৈৰ বাবে প্ৰত্যাহ্বান হ’ব।
পূজাৰাই কয় যে এয়া গিলৰ বাবে এক ডাঙৰ সুযোগ হ’বও পাৰে।এই ভ্ৰমণত যদি তেওঁ অধিনায়ক হিচাপে সফলতা লাভ কৰে তেন্তে ইয়াৰ দ্বাৰা তেওঁৰ আত্মবিশ্বাস বহু পৰিমাণে বৃদ্ধি পাব।
শনিবাৰে ৰোহিত শৰ্মাৰ ঠাইত গীলক নতুন টেষ্ট অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।পূজাৰাই দেওবাৰে কয় যে, ‘আপুনি যুৱ খেলুৱৈ হওক বা অভিজ্ঞ খেলুৱৈয়ে হওক, কেপ্তেইন হিচাপে বিদেশলৈ গ’লে প্ৰত্যাহ্বান হ’বই।’
ইংলেণ্ডত আৰম্ভণি কৰাটো শুভমন গীলৰ বাবে সহজ নহ’ব যদিও এজন যুৱ খেলুৱৈৰ বাবে ই এক সুন্দৰ সুযোগ’।
পূজাৰাই কয়, ‘আমি শুনিছো যে বুমৰাহ ইংলেণ্ডত পাঁচোখন মেচ খেলিব নোৱাৰিব, সেয়েহে গীলক দলটোৰ নেতৃত্ব দিয়াৰ দায়িত্ব দিয়া হৈছে’।
‘যদি শুভমনক দায়িত্ব দিয়া হৈছে তেন্তে তাৰ অৰ্থ হ’ল দল পৰিচালনা আৰু নিৰ্বাচকসকলে ভাবিছে যে তেওঁ দীৰ্ঘদিনলৈ দলটোক নেতৃত্ব দিব পাৰিব’।
ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলা ২০ জুনৰ পৰা আৰম্ভ হ’ব।তেওঁ কয়, ‘বেটছমেন হিচাপে শুভমন গীলৰ ডাঙৰ দায়িত্ব আছে, অৱশ্যে গীলৰ যি ধৰণৰ প্ৰতিভা আছে তাৰে ইংলেণ্ডত সফল হ’ব বুলি মই নিশ্চিত।
ইয়াৰ ফলত তেওঁলোকক ভাল প্ৰদৰ্শন কৰিবলৈ নিশ্চিতভাৱে প্ৰেৰণা যোগাব।অধিনায়ক হোৱাৰ ফলত তেওঁৰ ভিতৰত থকা শ্ৰেষ্ঠখিনি ওলাই আহিব নে নাই নাজানো, কিন্তু বেটছমেন হিচাপে তেওঁ সদায় দলৰ হৈ ভাল প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰি আহিছে।
লগতে পঢ়ক: হ্ৰাস পালে আইফোন ১৪ৰ মূল্য; Amazon এ পুনৰ বাৰ কমালে দাম