প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰিব বহিঃৰাষ্ট্ৰৰ পৰা উভতি অহা প্ৰতিনিধি দলে
আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ চৰকাৰী বাসগৃহ সৰ্বদলীয় প্ৰতিনিধি দলে সাক্ষাৎ কৰিব । জানিব পৰা মতে প্ৰতিনিধি দলৰ সদস্যসকলৰ বাবে Covid-19 টেষ্ট কৰাটো বাধ্যতামূলক হ’ব । এই পদক্ষেপ সুৰক্ষা প্ৰট’কলৰ অধীনত লোৱা হৈছে । তথ্য অনুসৰি অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতৰ বাৰ্তা বিদেশলৈ লৈ যোৱা সেই প্ৰতিনিধি দলসমূহৰ নেতাসকলক মঙলবাৰে সন্ধিয়া ৭:৩০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিব । ইয়াৰ মাজতে প্রধানমন্ত্রীয়ে প্রতিনিধি দলটোৰ অভিজ্ঞতা আৰু মতামত গ্ৰহণ কৰিব ৷ ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে সকলো সাংসদৰ সৈতে ৰাতিৰ আহাৰো গ্ৰহণ কৰিব ।
এই প্ৰতিনিধি দলটোক বিশেষভাৱে পাকিস্তানৰ পৃষ্ঠপোষকতা লাভ কৰা সন্ত্ৰাসবাদক বিশ্বৰ আগত উদঙাই দিয়াৰ দায়িত্ব দিয়া হৈছিল । ৭ গৰাকী বিশিষ্ট সাংসদক দলৰ নেতৃত্বৰ দায়িত্ব দিয়া হৈছিল, য’ত আছিল শশী থাৰুৰ (কংগ্ৰেছ), ৰবি শংকৰ প্ৰসাদ (বিজেপি), সঞ্জয় কুমাৰ ঝা (জে ডি ইউ), বৈজয়ন্ত পাণ্ডা (বিজেপি), কণিমোজি কৰুণানিধি (ডি এম কে), সুপ্ৰিয়া চুলে (এন চি পি-এছ পি) আৰু শিৱসেনাৰ শ্ৰীকান্ত শিণ্ডে ।
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত এদল সাংসদ আমেৰিকালৈ যায় । এই ভ্ৰমণৰত বিভিন্ন দেশত ভাৰতীয় দৃষ্টিভংগীক সবলভাৱে উপস্থাপন কৰে প্ৰতিনিধি দলে । কংগ্ৰেছৰ শশী থাৰুৰৰ উপৰিও প্ৰতিনিধি দলটোৰ সাংসদসকলৰ ভিতৰত আছিল ঝাৰখণ্ড মুক্তি মৰ্চাৰ চৰফৰাজ আহমেদ, তেলেগু দেশম পাৰ্টিৰ গন্তি হৰিশ মধুৰ বালায়োগী, ভাৰতীয় জনতা পাৰ্টিৰ শশংক মণি ত্ৰিপাঠী, ভূৱনেশ্বৰ কলিতা, শিৱসেনাৰ মিলিন্দ দেওৰা আৰু বিজেপিৰ তেজস্বী সূৰ্য্য ।
বৈঠকত সাংসদসকলে নিজৰ অভিজ্ঞতা ভাগ-বতৰা কৰি বিদেশত লাভ কৰা প্ৰতিক্ৰিয়া প্ৰধানমন্ত্ৰী মোদীৰ আগত দাঙি ধৰিব । ইয়াৰ উপৰিও আজি দিনৰ ২:৪৫ বজাত শশী থাৰুৰ নেতৃত্বত গঠিত প্ৰতিনিধি দলটো দেশলৈ উভতি আহিছে, যিয়ে বৈঠকত তথ্যসহ প্ৰধানমন্ত্ৰীৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব ।
ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান কৰা উচ্চ পৰ্যায়ৰ বৈঠকত তৃণমূল কংগ্ৰেছৰ সাংসদ অভিষেক বেনাৰ্জীয়ে অংশগ্ৰহণ কৰিব । টি এম চিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী জাপান আৰু এছিয়াৰ আন কেইবাখনো দেশ ভ্ৰমণ কৰা এটা প্ৰতিনিধি দলৰ অংশ আছিল ।
সন্ত্ৰাসবাদৰ ওপৰত পাকিস্তানক উদঙাই দিলে প্ৰতিনিধি দলে-
৫০ জনতকৈ অধিক সদস্যৰে গঠিত এই ৭টা প্ৰতিনিধি দলৰ লক্ষ্য আছিল পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় স্থিতি প্ৰকাশ কৰা । বেছিভাগেই বৰ্তমান সাংসদ হিচাবে কাৰ্যনিৰ্বাহ কৰি আছে ।
লগতে পঢ়ক : মোৰ চকু কাণ তামিলনাডুৰ ওপৰত… দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ