বলীউডৰ আটাইতকৈ জনপ্ৰিয় কমেডী ফ্ৰেঞ্চাইজি ‘হেৰা ফেৰী’ৰ তৃতীয় খণ্ড নিৰ্মাণৰ চৰ্চা দীৰ্ঘদিন ধৰি চলি আহিছে।ইয়াৰ পূৰ্বে খবৰ ওলাইছিল যে অক্ষয় কুমাৰ ছবিখনৰ অংশ নহ’ব, কিন্তু তেওঁ এতিয়া মান্তি হৈছে।
কিন্তু এতিয়া পুনৰ অনুৰাগীৰ আশাত চেঁচা পানী পৰিছে।কাৰণ ছবিখনক লৈ আন এটা ডাঙৰ কথা পোহৰলৈ আহিছে।
জানিব পৰা মতে ‘হেৰা ফেৰী ৩’ত দেখিবলৈ নাপাব বাবু ৰাও খ্যাত পৰেশ ৰাৱালক। পৰেশ ৰাৱালে এই খবৰটো নিজেই নিশ্চিত কৰিছে।
খবৰ আহিছে যে ক্ৰিয়েটিভ পাৰ্থক্যৰ বাবে পৰেশ ৰাৱাল ‘হেৰা ফেৰী ৩’ৰ পৰা বাহিৰ হৈছে।পৰেশ ৰাৱালে এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে।
তেওঁ লিখিছে যে, “মই এই কথা স্পষ্টকৈ ক’ব বিচাৰো যে মই হেৰা ফেৰী-৩ ৰ পৰা ক্ৰিয়েটিভ পাৰ্থক্য থকা বাবে আঁতৰি অহা নাই। মই আকৌ এবাৰ কব বিচাৰিছো যে ছবি নিৰ্মাতাৰ লগত সৃষ্টিশীল মতানৈক্য নাই। ছবিখনৰ পৰিচালক প্ৰিয়দৰ্শনৰ প্ৰতি মোৰ শ্ৰদ্ধা আৰু মৰম আছে”।
অৱশ্যে তেওঁ কিয় ছবিখন এৰি থৈ গৈছে তাৰ প্ৰকৃত কাৰণ জনোৱা নাই। এই কথাই এতিয়া অনুৰাগী সকলক দুখিত কৰিছে।