পঞ্চায়ত ছিজন ৪ৰ ট্ৰেইলাৰ মুকলি
ভাৰতৰ আটাইতকৈ প্ৰিয় মনোৰঞ্জন মঞ্চ প্ৰাইম ভিডিঅ’ই আজি মুকলি কৰিলে ‘পঞ্চায়ত ছিজন ৪’ৰ আকৰ্ষণীয় ট্ৰেইলাৰ । ইয়াৰ লগে লগে অনুৰাগীসকলে আন এক উপহাৰ পাইছে । এই শ্ব’ এতিয়া আশা কৰাতকৈ সোনকালে অৰ্থাৎ ২৪ জুনৰ পৰা ষ্ট্ৰীম হ’ব । ‘পঞ্চায়ত’ প্ৰযোজনা দ্য ভাইৰেল ফিভাৰ (টি ভি এফ)ৰ । এই ছিজনটো দীপক কুমাৰ মিশ্ৰ আৰু চন্দন কুমাৰে যৌথভাৱে সৃষ্টি কৰিছে, চিত্ৰনাট্য লিখিছে চন্দন কুমাৰে আৰু দীপক কুমাৰ মিশ্ৰ আৰু অক্ষত বিজয়বৰ্গিয়াই পৰিচালনা কৰিছে ।
ফুলেৰা নামৰ এখন কাল্পনিক গাঁৱত পৰিৱেশিত এই পঞ্চায়তৰ নতুন ছিজন আকৌ এবাৰ সৰু চহৰৰ হুলস্থুল, আৱেগ আৰু হাস্যৰসময়ী কাহিনীৰে ভৰি পৰিব । এইবাৰ নতুন প্ৰত্যাহ্বানৰ লগতে পুৰণি আৰু প্ৰিয় মুখবোৰ ঘূৰি আহিব আৰু তাৰ লগে লগে বহুতো আকৰ্ষণীয় টুইষ্ট । শ্ব’টোত পুনৰবাৰ জিতেন্দ্ৰ কুমাৰ, নীনা গুপ্তা, ৰঘুবীৰ যাদৱ, ফৈছল মালিক, চন্দন ৰয়, সনবিকা, দুৰ্গেশ কুমাৰ, সুনীতা ৰাজৱাৰ আৰু পংকজ ঝাকে ধৰি বহুতো অভিনেতা-অভিনেত্ৰীক দেখা যাব ।
২৪ জুনৰ পৰা ভাৰতৰ লগতে বিশ্বৰ ২৪০ খনতকৈও অধিক দেশৰ প্ৰাইম ভিডিঅ’তহে প্ৰচাৰ হ’ব ‘পঞ্চায়ত ছিজন ৪’ ।প্ৰাইম মেম্বাৰশ্বিপত অন্তৰ্ভুক্ত নতুন টাইটেলছৰ ভিতৰত এই ছিজন অন্যতম ।
‘পঞ্চায়ত’ৰ নতুন ছিজনৰ ট্ৰেইলাৰত দেখা গৈছে যে ফুলেৰা গাঁও এইবাৰ কেনেকৈ নিৰ্বাচনৰ যুদ্ধক্ষেত্ৰ হ’বলৈ গৈ আছে, য’ত মঞ্জু দেৱী আৰু ক্ৰান্তি দেৱী মুখামুখি হৈছে । ৰেলী গান, ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি আৰু ব্যাপক প্ৰচাৰৰ জৰিয়তে সমগ্ৰ গাঁওখন মেলালৈ ৰূপান্তৰিত হৈছে ।
লগতে পঢ়ক : আল্লু অৰ্জুন-এটলীৰ ছবিত চুক্তিবদ্ধ হ’ল দীপিকা পাডুকন; নায়িকাৰ চৰিত্ৰত কৰিব অভিনয়