AIMIM ৰ মুৰব্বী তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছীয়ে পুনৰ তীব্র সমালোচনা কৰিছে পাকিস্তানক।তেওঁ কৈছে যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ মানৱতাৰ হত্যা কৰাৰ দৰে আৰু এই আক্ৰমণৰ বাবে মোডী চৰকাৰে পাকিস্তানক উপযুক্ত উত্তৰ দিয়া উচিত।লগতে তেওঁ কয় যে ৱাকফ মোৰ দেশৰ ভিতৰৰ এটা বিষয়।
আছাদুদ্দিন ওৱেইচিয়ে এটা সাক্ষাৎকাৰত কৈছিল যে, ‘মই নৰেন্দ্ৰ মোদীক চৰকাৰক কওঁ যে ‘আমি তেওঁলোকৰ ঘৰত (পাকিস্তান) প্ৰৱেশ কৰি তাতেই বহিব লাগে।২০১৯ চনত আমাৰ এক সুন্দৰ সুযোগ আছিল’।
‘যেতিয়া আমি লঞ্চিং পেডটো বা সেই ভূমি দখল কৰিব লাগিব, য’ৰ পৰা আমাৰ দেশলৈ সন্ত্ৰাসবাদী সকল আহে। মোৰ বিশ্বাস এইবাৰ যদি আমি তেওঁলোকৰ ঘৰত সোমাওঁ তেন্তে আমি তাতেই বহি ল’ব লাগে’।
PoK সম্পৰ্কীয় এটা প্ৰশ্নত তেওঁ কয় যে ই ভাৰতৰ এটা অংশ আৰু এয়া সংসদৰ সংকল্প হয়।ৱাকফ সংশোধনী আইনৰ বিৰোধিতাৰ সৈতে জড়িত এটা প্ৰশ্ন সোধাত তেওঁ কয়, ‘ৱাকফৰ বিষয়টো দেশৰ আভ্যন্তৰীণ বিষয় হয় আৰু মোৰ দেশৰ সংবিধানে মোক সংসদ ভৱনত থিয় দি সেই আইনখনৰ বিৰোধিতা কৰাৰ অধিকাৰ দিছে’।
‘আৰু মই এই কাম কৰি আছো। সেই আইনৰ বিৰোধিতা কৰা মানে দেশৰ বিৰোধিতা কৰা নুবুযায়। পেহেলগামত যি হ’ল, পাক পৃষ্ঠপোষকতাত থকা সন্ত্ৰাসবাদী সকলে দেশৰ ভিতৰলৈ আহি আমাৰ দেশৰ নাগৰিকক হত্যা কৰিলে, তাৰ প্ৰতি আমি প্ৰত্যুত্তৰ দিম’।
তেওঁ লগতে কয় যে, ‘ভাৰত আৰু পাকিস্তানৰ মাজত থকা পাৰ্থক্যটো হৈছে,ভাৰতত এতিয়াও গণতন্ত্ৰ আছে।পাকিস্তানত একনায়কত্ববাদ আছে। তাত সেনাবাহিনীৰ লগতে পাঁচ-ছয়টা পৰিয়ালে সমগ্ৰ দেশখন নিয়ন্ত্ৰণ কৰে/।