পাকিস্তান আৰু পাকিস্তানে অবৈধভাৱে দখল কৰা কাশ্মীৰত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ‘অপাৰেচন সিন্দুৰ’ৰ পিছত চৰকাৰ আৰু সেনাই এখন সংবাদমেল অনুষ্ঠিত কৰে । এই সংবাদমেল সম্বোধন কৰে কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে । সংবাদমেলত সংসদ ভৱন আক্ৰমণ, মুম্বাই আক্ৰমণ, পুলৱামা আক্ৰমণ আৰু পহলগাম আক্ৰমণৰ দৃশ্য প্ৰদৰ্শন কৰা হয় । প্ৰথমে সংবাদমেলত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ।
ইয়াৰ পিছতে কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উইং কমাণ্ডাৰ ব্যোমিকা সিঙে ‘অপাৰেচন সিন্দুৰ’ৰ সম্পূৰ্ণ বিৱৰণ দিয়ে । তেওঁলোকে কয় যে ২২ এপ্ৰিলত পহলগামত সংঘটিত ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ অসামৰিক ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালক ন্যায় প্ৰদানৰ বাবে অপাৰেচন সিন্দুৰ চলোৱা হৈছিল । ৯টা স্থান চিনাক্ত কৰি ধ্বংস কৰা হৈছে । এই আত্মগোপন স্থানত সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দিয়া হৈছিল । এইবোৰ আছিল সন্ত্ৰাসবাদীৰ লঞ্চ পেড । বিশ্বাসযোগ্য চোৰাংচোৱা তথ্যৰ ভিত্তিত এই লক্ষ্যসমূহ অপাৰেচন সিন্দুৰৰ বাবে নিৰ্বাচিত কৰা হৈছিল । ইয়াত আৱাসিক অঞ্চল আৰু সাধাৰণ নাগৰিকৰ যাতে কোনো ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰখা হৈছিল ।
‘ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণ ৰোধৰ বাবে নিজৰ অধিকাৰ প্ৰয়োগ কৰিলে’
ইয়াৰ পূৰ্বে বিক্ৰম মিশ্ৰীয়ে কয়, ‘২০২৫ চনৰ ২২ এপ্ৰিলত কাশ্মীৰৰ পহলগামত পাকিস্তান প্ৰশিক্ষিত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে পৰ্যটকৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল । ২৫ জন ভাৰতীয় আৰু এজন বিদেশী নাগৰিকক কাপুৰুষতাৰে হত্যা কৰা হৈছিল । মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদী আক্ৰমণত অসামৰিক লোকৰ মৃত্যুৰ এইটোৱেই আছিল আটাইতকৈ ভয়াৱহ ঘটনা । এই আক্ৰমণত তাত উপস্থিত থকা লোকসকলৰ মূৰত ওচৰৰ পৰা আৰু পৰিয়ালৰ সন্মুখত গুলীচালনা কৰা হয় । ইচ্ছাকৃতভাৱে আঘাত কৰা হৈছিল পৰিয়ালৰ লোকক । লগতে আক্ৰমণৰ বাৰ্তা প্ৰেৰণ কৰিবলৈও কোৱা হৈছিল । জম্মু-কাশ্মীৰত পুনৰ স্বাভাৱিক অৱস্থাত ব্যাঘাত জন্মাবলৈ এই কাম কৰা হৈছিল ।‘
তেওঁ আৰু কয়, ‘এই আক্ৰমণৰ লক্ষ্য আছিল পৰ্যটনৰ বিৰূপ ক্ষতি কৰা । যোৱা বছৰ ইয়ালৈ প্ৰায় ৭.৫ কোটি পৰ্যটক আহিছিল । সন্ত্ৰাসবাদীৰ লক্ষ্য আছিল এই অঞ্চলটোক পিছপৰা কৰি ৰখা । জম্মু-কাশ্মীৰৰ লগতে অন্যান্য ৰাজ্যতো সাম্প্ৰদায়িক সংঘৰ্ষক উচটনি দিয়াৰ লক্ষ্যৰে এই আক্রমণ আছিল ৷ আমি চেষ্টাবোৰ বিফল কৰিলোঁ । নিজকে ৰেজিষ্টেন্স ফ্ৰণ্ট বুলি কোৱা এটা গোটে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে । এই নিষিদ্ধ গোটটো লস্কৰ-ই-তৈবাৰ সৈতে জড়িত । ৰাষ্ট্ৰসংঘৰ আগত প্ৰকাশিত প্ৰতিবেদনত ভাৰতে এই সংস্থাটোৰ বিষয়ে ইনপুট দিছিল । ইয়াৰ ফলত পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনৰ ফ্ৰণ্ট হিচাপে টি আৰ এফৰ ভূমিকা উন্মোচিত হ’ল ।‘
ন্যায়ৰ বাবে অপাৰেচন সিন্দুৰ-
অপাৰেচন সিন্দুৰৰ বিষয়ে তথ্য দি ছফিয়া কুৰেশ্বীয়ে কয় যে ২২ এপ্ৰিলত পহলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা পৰিয়ালক ন্যায় প্ৰদানৰ বাবে মঙলবাৰে গভীৰ নিশা ১.০৫ বজাত এই অভিযান আৰম্ভ কৰা হৈছিল আৰু প্ৰায় আধা ঘণ্টা ধৰি পুৱা ১.৩০ বজালৈকে চলিছিল । এই অভিযানৰ অধীনত ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰা হয় । তিনিটা দশকত পাকিস্তানে সন্ত্ৰাসবাদৰ কাৰখানা স্থাপন কৰিছে ।
ব্রিফিং দি উইং কমাণ্ডাৰ ব্যোমিকা সিঙে কয় যে অপাৰেচন সিন্দুৰ কঠিন চোৰাংচোৱাৰ তথ্যৰ অন্তত সম্পন্ন কৰা হৈছিল ৷ পাকিস্তানৰ মুজাফ্ফৰাবাদত লস্কৰৰ প্ৰশিক্ষণ কেন্দ্ৰত আক্ৰমণ কৰা হয় । ইয়াৰ পৰাই প্ৰশিক্ষণ লৈছিল সন্ত্ৰাসবাদীয়ে । সন্ত্ৰাসবাদীৰ মেৰুদণ্ড ভাঙিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয় । বৰ্ণালা শিবিৰো ধ্বংস কৰা হয় । শিয়ালকোটৰ মাহমুনা কেম্পো ধ্বংস কৰা হয় ।
কৰ্ণেল ছফিয়া কুৰেশ্বীয়ে কয় যে বাহাৱালপুৰৰ মাৰ্কাজ চুভান আল্লাহ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১০০ কিলোমিটাৰ দূৰত । এইটো আছিল জৈছ-ই-মহম্মদৰ মুখ্য কাৰ্যালয় । ই সন্ত্ৰাসবাদীক নিযুক্তি আৰু প্ৰশিক্ষণৰ কেন্দ্ৰ আছিল । আগতে ইয়ালৈ আহিছিল শীৰ্ষ সন্ত্ৰাসবাদী । মই আপোনালোকক জনাব বিচাৰিছো যে আক্ৰমণত সামৰিক সংস্থাপনসমূহক লক্ষ্য কৰি লোৱা হোৱা নাছিল আৰু এতিয়ালৈকে কোনো সাধাৰণ নাগৰিকৰ মৃত্যুৰ খবৰ পোৱা নাই ।