‘বৰ্দাৰ’ৰ পৰা আৰম্ভ কৰি ‘উৰি-দ্য চাৰ্জিকেল ষ্ট্ৰাইক’ক লৈকে বলীউডে দেশভক্তিৰ ওপৰত কেইবাখনো ছবি নিৰ্মাণ কৰিছে, যিয়ে দৰ্শকৰ পৰা যথেষ্ট সহাৰি লাভ কৰিছে।
শেহতীয়াকৈ ভাৰতীয় সেনাই পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি সঁহাৰি জনাই ‘অপাৰেচন সিন্দূৰ’ৰ জৰিয়তে উত্তৰ দিয়ে।
‘অপাৰেচন সিন্দূৰ’ৰ পিছতে বলীউডত এই অভিযানৰ ওপৰত ছবি নিৰ্মাণৰ বাবে প্ৰতিযোগিতা লাগিছে। শেহতীয়াকৈ বহু ছবি নিৰ্মাতাই ‘অপাৰেচন সিন্দূৰ’ উপাধি পঞ্জীয়ন কৰিবলৈ আৱেদন কৰিছিল।এতিয়া ছবিখনৰ পোষ্টাৰো মুকলি কৰিছে, যাৰ বাবেই এতিয়া সাধাৰণ জনতা ক্ষোভিত হৈ পৰিছে।
নিকি ভিকি ভগনানী ফিল্মছ আৰু দ্য কন্টেন্ট ইঞ্জিনিয়াৰে আনুষ্ঠানিকভাৱে ‘অপাৰেচন সিন্দূৰ’ ঘোষণা কৰিছে ।ভাৰত-পাকিস্তানৰ মাজত বৃদ্ধি পোৱা উত্তেজনাৰ মাজতে নিৰ্মাতা সকলে মুকলি কৰিছে এআই জনৰেটেড পোষ্টাৰ জাৰি কৰিছে, যাক লৈ সামাজিক মাধ্যমত অনুৰাগী সকলৰ খং দেখিবলৈ পোৱা গৈছে।
দৰ্শকসকলৰ ক্ষোভ দেখি ছবিখনৰ ছবিখনৰ প্ৰযোজক নিকি ভগনানী আৰু বিকি ভগননীয়ে স্পষ্টীকৰণ দিয়ে।ইনষ্টাগ্ৰামত ষ্টৰিত এটা পোষ্ট শ্বেয়াৰ কৰি ক্ষমা বিচাৰিছে।
তেওঁলোকে লিখিছে যে- ‘ভাৰতীয় সেনাই লোৱা সাহসী পদক্ষেপৰ বাবে ‘অপাৰেচন সিন্দুৰ’ৰ আধাৰত এখন পোষ্টাৰ মুকলি কৰাৰ বাবে আমি ক্ষমা বিচাৰিছো’।
‘আমাৰ উদ্দেশ্য কাৰো আৱেগক আঘাত কৰা নাছিল।ছবিখনৰ প্ৰযোজক হিচাপে আমাৰ সৈনিক আৰু ইয়াক নেতৃত্ব দিয়াসকলৰ সাহস, বলিদান আৰু শক্তিত মই আপ্লুত হৈছিলো আৰু সেয়েহে এই শক্তিশালী কাহিনীটো পৰ্দালৈ অনাৰ সিদ্ধান্ত লৈছিলো।’