অপাৰেচন সিন্দুৰ
জাৰ্মান কাউন্সিল অন ফৰেইন ৰিলেচনত অনুষ্ঠিত হোৱা এক বাৰ্তালাপত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ আৰু ‘অপাৰেচন সিন্দুৰ’ সন্দৰ্ভত মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ।
তেওঁ কয়, ‘এয়া আছিল সন্ত্ৰাসবাদী আক্ৰমণ, যিটো এনে এক আৰ্হিৰ অংশ যিয়ে কেৱল জম্মু-কাশ্মীৰকে নহয়, ভাৰতৰ অন্যান্য অঞ্চলকো লক্ষ্য কৰি লৈছে । ইয়াৰ উদ্দেশ্য আছিল ভয়ৰ পৰিৱেশ সৃষ্টি আৰু কাশ্মীৰৰ পৰ্যটন অৰ্থনীতি ধ্বংস কৰা । ইয়াৰ উদ্দেশ্য আছিল ধৰ্মীয় পাৰ্থক্য সৃষ্টি কৰা ।‘
তেওঁ কয় যে, ‘আমি ‘অপাৰেচন সিন্দুৰ’ৰ জৰিয়তে সন্ত্ৰাসবাদক প্ৰত্যুত্তৰ দিলোঁ । আমি যেতিয়া প্ৰত্যুত্তৰ দিছিলোঁ তেতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুত বুজাবুজি আছিল । আমি সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় আৰু সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানক লক্ষ্য কৰি লৈছিলো । আমাৰ অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে । এই ক্ষেত্ৰত সন্ত্ৰাসবাদী চুবুৰীয়া দেশৰ পৰা আহিছে, কাৰণ সেই দেশখনে বহু বছৰ ধৰি সন্ত্ৰাসবাদক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি আহিছে ।‘
জয়শংকৰে বাৰ্লিনত কয়, ‘সন্ত্ৰাসবাদৰ কথা আহিলে বৰ্তমান সাধাৰণতে এনে কোনো দেশ নাই যিয়ে ক’ব যে আমি যি হৈছিল সেয়া মানি লৈছো আৰু ইয়াক গৰিহণা নিদিও । যদি মই কওঁ যে মোৰ নিজৰ, নিজৰ দেশ আৰু নিজৰ জনসাধাৰণক ৰক্ষা কৰাৰ অধিকাৰ আছে, তেন্তে পৃথিৱীৰ বেছিভাগ মানুহেই মোৰ দেশৰ সুৰক্ষাৰ বাবে মোৰ কথাত সন্মতি দিব । জাৰ্মানীয়েও এই কথাত সন্মতি প্ৰকাশ কৰিছে । সন্ত্ৰাসবাদী আক্ৰমণক বহু আগতেই গৰিহণা দিয়াৰ বাবে আমি সকলোৰে প্ৰতি কৃতজ্ঞ । লগতে, ৭ মে’ত আৰু আজি পুনৰ মন্ত্ৰী ৱেডফুলৰ পৰা আমি পোৱা স্পষ্ট বাৰ্তাটো হ’ল যে জাৰ্মানীয়ে ভাৰতৰ আত্মৰক্ষাৰ অধিকাৰক স্বীকৃতি দিছে ।‘
উল্লেখ্য যে, ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে কূটনৈতিক পৰ্যায়ত পাকিস্তান আৰু পাক পৃষ্ঠপোষকতা লাভকৰা সন্ত্ৰাসবাদৰ ওপৰত নিজৰ দখল কটকটীয়া কৰিবলৈ আৰম্ভ কৰিছে । জম্মু-কাশ্মীৰত সংঘটিত আক্ৰমণত সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতে ক্ষেপণাস্ত্ৰ আৰু ড্ৰোন ব্যৱহাৰ কৰি পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আঘাত হানিছিল । ইয়াৰ নাম ৰখা হৈছিল ‘অপাৰেচন সিন্দুৰ’। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক ‘নিউ নৰ্মেল’ বুলি ঘোষণা কৰিছিল যাৰ অধীনত ভাৰতে এতিয়া সীমা অতিক্ৰম কৰা যিকোনো সন্ত্ৰাসবাদী আক্ৰমণক ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ কাৰ্য্য হিচাপে গণ্য কৰিব ।
লগতে পঢ়ক : সাতজনীয়া সাংসদৰ দলে উদঙাব পাকিস্তানৰ কুৎসিত মুখ… বিশ্ববাসীক দিব ভাৰতৰ বাৰ্তা