ইণ্টেলৰ CEO ক শীঘ্ৰেই পদত্যাগ কৰিবলৈ নিৰ্দেশ ট্ৰাম্পৰ
এনে লাগে যেন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বৰ বিৰুদ্ধে এটা ফ্ৰণ্ট মুকলি কৰিছে। এতিয়া ট্ৰাম্পে এটা বিখ্যাত আৰু বৃহৎ আই টি কোম্পানীৰ CEOক শীঘ্ৰে পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়াক লৈ আলোড়নৰ সৃষ্টি কৰিছে।
দৰাচলতে ট্ৰাম্পে ইণ্টেলৰ CEO লিপ বু টানক শীঘ্ৰে পদত্যাগৰ দাবী জনাইছে।ইয়াৰ পিছত আই টি কোম্পানীসমূহৰ মাজত আতংক দেখা গৈছে।
ড’নাল্ড ট্ৰাম্পে তেওঁৰ ট্ৰুথত লিখিছে, ‘ইণ্টেলৰ চিইঅ’ অত্যন্ত বিভ্ৰান্ত হৈ আছে আৰু তেওঁ তৎক্ষণাত পদত্যাগ কৰিব লাগে।এই সমস্যাৰ আন কোনো সমাধান নাই।’
কিছুদিন পূৰ্বে চিনেটৰ টিম কটনে ইণ্টেল কোম্পানীলৈ এখন চিঠি লিখিছিল। ইয়াত চীনৰ কোম্পানীসমূহৰ সৈতে মুখ্য কাৰ্যবাহী বিষয়া লিপ-বু টানৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছিল।
টিম কটনৰ এই চিঠিৰ পিছতেই ড’নাল্ড ট্ৰাম্পে লিপ-বু টানক শীঘ্ৰে পদত্যাগ কৰিবলৈ দাবী জনায়।ট্ৰাম্পে কয় যে চীনৰ কোম্পানীসমূহৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ পিছত তেওঁ অধিক অনিৰ্ণায়ক অনুভৱ কৰিছে।
দৰাচলতে ট্ৰাম্পে টানৰ প্ৰতি এই ক্ষোভ দেখুৱাইছিল যেতিয়া চীনৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন হৈছিল।এই সম্পৰ্কক লৈ কিছুদিনৰ পৰা দাবী উত্থাপন হৈ আহিছে ।
ইণ্টেলে চলিত বৰ্ষৰ মাৰ্চ মাহত লিপ-বু টানক চিইঅ’ হিচাপে নিযুক্তি দিছিল।ইয়াৰ পূৰ্বে কোম্পানীটোৰ নেতৃত্ব দিছিল পেট গেলচিংগাৰে।
ট্ৰাম্পৰ এই বক্তব্যৰ লগে লগে ইণ্টেলৰ শ্বেয়াৰতো লোকচান দেখাবলৈ আৰম্ভ কৰে।ইণ্টেলৰ ষ্টক হ্ৰাস পাইছে।বজাৰৰ পূৰ্বে ব্যৱসায়ত এতিয়ালৈকে ই প্ৰায় ৫% হ্ৰাস পাইছে।
লগতে পঢ়ক: ভাৰতক সমৰ্থন চীনৰ: ট্ৰাম্পক একাশৰীয়া কৰি একত্ৰিত ভাৰত, চীন আৰু ৰাছিয়া