মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ ডাঙৰ মন্তব্য
গুজৰাট ভ্ৰমণলৈ অহা জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই সাবৰমতী ৰিভাৰফ্ৰন্ট, ‘Statue of unity’ কে ধৰি বহু স্থান পৰিদৰ্শন কৰে আৰু তেওঁ অন্তৰৰ পৰা প্ৰশংসা কৰিছে।
বৃহস্পতিবাৰে ‘Statue of unity’ পৰিদৰ্শন কৰাৰ পিছত ওমৰ আব্দুল্লাই কয় যে এই মূৰ্তিটো যে ইমান চমৎকাৰী হ’ব সেয়া মই কল্পনা কৰা নাছিলো।
ইয়াৰ পূৰ্বে আহমেদাবাদৰ সাবৰমতী ৰিভাৰফ্ৰন্টত মৰ্নিং ৱাক কৰাৰ পিছত তেওঁ ইয়াক অন্যতম ধুনীয়া ঠাই বুলি অভিহিত কৰিছিল।

জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী গৰাকীৰ গুজৰাট ভ্ৰমণক লৈ সুখ প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ওমৰ আব্দুল্লাৰ ‘Statue of unity’ ভ্ৰমণে সকলো ভাৰতীয়কে দেশৰ বিভিন্ন প্ৰান্ত ভ্ৰমণৰ বাবে অনুপ্ৰাণিত কৰিব।
দুদিনীয়া গুজৰাট ভ্ৰমণলৈ অহা ওমৰ আব্দুল্লাই বৃহস্পতিবাৰে কেভাদিয়াৰ ষ্ট্যেচু অৱ ইউনিটি আৰু নৰ্মদা বান্ধ পৰিদৰ্শন কৰে।এই সময়ছোৱাত তেওঁ চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
তেওঁৰ মূৰ্তিটো দেখি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে এই মূৰ্তিটো ইমান চমৎকাৰী হ’ব বুলি মই ভবা নাছিলো। এই মূৰ্তিটো চালেই বুজিব পাৰি যে ইয়াক কি চিন্তা আৰু আৱেগেৰে সৃষ্টি কৰা হৈছে।
চৰ্দাৰ বল্লভভাই পেটেল, যাক ভাৰতৰ লৌহ মানুহ বুলি জনা যায়, এয়া তেখেতৰ প্ৰতি অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি।এয়া নতুন ভাৰতৰ এক ডাঙৰ পৰিচয়।
জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী গৰাকীয়ে নর্মদা বান্ধ প্রকল্পক প্রশংসা কৰি কয় যে ই গুজৰাটৰ জীৱনৰেখা৷কল্পনা কৰকচোন, এই বান্ধৰ জৰিয়তে কচ্চৰ দৰে অঞ্চললৈ পানী যোগান ধৰা হৈছে, য’ত এসময়ত খৰাং আৰু বালিৰ বাহিৰে একো নাছিল।এতিয়া তাত খেতি কৰা হৈছে। মানুহৰ জীৱন সলনি হৈছে।
লগতে পঢ়ক: ইমৰান খানক মোক্ষম আঘাত: PTI ৰ ১৬৬জন সদস্যক ১০ বছৰৰ কাৰাদণ্ড