NEET PG 2025 ৰ ভুৱা জাননী ভাইৰেল
যদি আপুনি NEET PG 2025 ৰ বাবে প্ৰস্তুতি চলাইছে তেন্তে এই খবৰটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।ৰাষ্ট্ৰীয় পৰীক্ষা ব’ৰ্ড চিকিৎসা বিজ্ঞান(NBEMS) এ NEET PG ৰ বাবে প্ৰস্তুতি চলাই থকা লাখ লাখ প্ৰাৰ্থীক ভুৱা তথ্য সন্দৰ্ভত কঠোৰ সতৰ্কবাণী দিয়া হৈছে।
ব’ৰ্ডে স্পষ্টকৈ কৈছে যে ছ’চিয়েল মিডিয়া, ইমেইল,এছএমএছ বা হোৱাটছএপৰ দৰে মাধ্যমেৰে ভুৱা জাননী আৰু বিভ্ৰান্তিকৰ তথ্য প্ৰচাৰ হোৱাৰ পৰা সাৱধান হওক।
এনবিইএমএছৰ মতে, যোৱা কিছুদিনত বহু প্ৰাৰ্থীয়ে ভুৱা ফলাফল লাভ কৰিছে, ৰেংকিং বা ভাল নম্বৰৰ প্ৰতিশ্ৰুতি দি বাৰ্তা প্ৰেৰণ কৰা হৈছে, যাৰ সত্যৰ লগত কোনো সম্পৰ্ক নাই।
এই সকলোবোৰ তথ্য সম্পূৰ্ণ ভুৱা আৰু বিভ্ৰান্তিকৰ।এনে প্ৰৱঞ্চনাৰ বলি নহ’বলৈ আৰু ব্যক্তিগত তথ্য শ্বেয়াৰ নকৰিবলৈ বা কাকো ধন নিদিবলৈ প্ৰাৰ্থীসকলক সকীয়াই দিছে ব’ৰ্ডে।
প্ৰকৃত জাননী কেনেকৈ চিনাক্ত কৰিব পাৰি?
এনবিইএমএছে এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰি কৈছে যে জুলাই ২০২০ চনৰ পিছৰে পৰা ব’ৰ্ডে জাৰি কৰা প্ৰতিখন চৰকাৰী জাননীত এটা QR ক’ড সন্নিবিষ্ট কৰা হৈছে।
এই QR ক’ডটো স্কেন কৰাৰ লগে লগে প্ৰাৰ্থীসকলে পোনপটীয়াকৈ এনবিইএমএছৰ অফিচিয়েল ৱেবছাইটৰ নিজ নিজ জাননী পৃষ্ঠাত উপস্থিত হয়। এইদৰে তেওঁলোকে লাভ কৰা তথ্যসমূহ বাস্তৱিক নে নহয় পৰীক্ষা কৰিব পাৰে।
যদি কোনো প্ৰাৰ্থীয়ে এনে কোনো বাৰ্তা লাভ কৰে, য’ত আপোনাক ভাল নম্বৰ বা ৰেংক বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দি ফোন বা ইমেইল কৰে, তেন্তে তৎক্ষণাত ইয়াক আওকাণ কৰক আৰু এনবিইএমএছৰ ৱেবছাইটত গৈ ইয়াৰ তথ্য পৰীক্ষা কৰক।
কেৱল অফিচিয়েল ৱেবছাইটৰ পৰাহে তথ্য সংগ্ৰহ কৰক
ব’ৰ্ডে লগতে উল্লেখ কৰিছে যে যিকোনো ধৰণৰ তথ্য, আপডেট বা সহায়ৰ বাবে প্ৰাৰ্থীয়ে কেৱল এনবিইএমএছৰ অফিচিয়েল ৱেবছাইট https://natboard.edu.in বা https://nbe.edu.in ৰ ব্যৱহাৰ কৰক।ভুৱা প্ৰতিশ্ৰুতি দি আপোনাৰ পৰা ধন বা ব্যক্তিগত তথ্য উলিয়াবলৈ চেষ্টা কৰা কোনো এজেণ্ট বা দালালৰ সৈতে যোগাযোগ নকৰিব।
নেট পিজি ২০২৫ ৰ মূল তাৰিখ
ব’ৰ্ডে NEET PG 2025 ৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ তাৰিখও প্ৰকাশ কৰিছে ।অহা ৩ আগষ্ট ২০২৫, তাৰিখে এই পৰীক্ষা অনুষ্ঠিত হ’ব, যিহেতু ৩১ জুলাইত এডমিট কাৰ্ড প্ৰদান কৰা হ’ব।
লগতে পঢ়ক: অধ্যয়নত মন বহাব পৰা নাই নেকি ? জানক ইয়াৰ কাৰণ আৰু মনোযোগ বৃদ্ধি কৰাৰ উপায় !