অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী তথা ভাৰতৰ গৌৰৱ নীৰজ চোপ্ৰাক ভাৰতীয় সেনাৰ টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় উপাধি প্ৰদান কৰা হৈছে।ভাৰত চৰকাৰৰ আলোচনী ‘ইণ্ডিয়া গেজেট’ত প্ৰতিৰক্ষা মন্ত্ৰালয়ে নীৰজ চোপ্ৰাক সন্মান জনোৱাৰ ঘোষণা কৰিছে।
নীৰজ চোপ্ৰাই কেৱল ক্ৰীড়াক্ষেত্ৰত ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, সেনাবাহিনীত যোগদান কৰি যুৱক-যুৱতীসকলৰ বাবেও আদৰ্শ দাঙি ধৰিলে।
নীৰজ চোপ্ৰাক টেৰিটৰিয়েল আৰ্মীত লেফটেনেণ্ট কৰ্ণেলৰ সন্মানীয় উপাধি প্ৰদান কৰা হৈছে।অৰ্থাৎ ই এক সন্মানীয় পদবী, যিটো তেওঁৰ ক্ৰীড়া কৃতিত্বৰ বাবে দিয়া হয়।
সাধাৰণতে টেৰিটৰিয়েল আৰ্মিৰ বিষয়াসকলৰ বাবে প্ৰশিক্ষণ বাধ্যতামূলক, কিন্তু সন্মানীয় পদবী থকা ব্যক্তি, বিশেষকৈ বিখ্যাত ক্ৰীড়াবিদ বা চেলিব্ৰিটি (যেনে নীৰজ চোপ্ৰা, এম এছ ধোনী)ৰ বাবে প্ৰশিক্ষণৰ প্ৰয়োজন নাই।
নীৰজে ইতিমধ্যে ২০১৬ চনত নৈব চুবেদাৰ হিচাপে ভাৰতীয় সেনাত যোগদান কৰিছিল আৰু তেওঁ পুনেৰ আৰ্মি স্প’ৰ্টছ ইনষ্টিটিউট (এ এছ আই)ত প্ৰশিক্ষণ লৈছে।
এই প্ৰশিক্ষণ সামৰিক নহয়, ক্ৰীড়াৰ সৈতে জড়িত আছিল।তেওঁৰ নতুন সন্মানীয় পদবীৰ বাবে অতিৰিক্ত সামৰিক প্ৰশিক্ষণৰ প্ৰয়োজন নহ’ব।
তেওঁলোকৰ ভূমিকাত যুৱক-যুৱতীসকলক অনুপ্ৰাণিত কৰা, সামৰিক প্ৰচাৰত অৰিহণা যোগোৱা, অনুষ্ঠানত অংশগ্ৰহণ কৰা আদিও হ’ব পাৰে।