জাতিগত গণনা
দেওবাৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলৰ এক বৈঠক অনুষ্ঠিত হ’ব । অপাৰেচন সিন্দুৰ, জাতিগত গণনা আৰু মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি সন্দৰ্ভত আলোচনা এই বৈঠকত কৰা হ’ব । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া বৈঠকত সুশাসনৰ বিষয়টোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হ’ব ।
এক বিবৃতিত বিজেপিৰ সুশাসন বিভাগৰ প্ৰভাৰী বিনয় সহস্ৰাবুদ্ধে কয় যে এই বৈঠকত অপাৰেচন সিন্দুৰৰ সফলতাৰ বাবে সশস্ত্ৰ বাহিনী আৰু প্ৰধানমন্ত্ৰীক অভিনন্দন জনোৱাৰ লগতে পৰৱৰ্তী লোকপিয়লত কেন্দ্ৰীয় চৰকাৰে জাতি গণনা কৰাৰ সিদ্ধান্তৰ শলাগ লোৱাৰ প্ৰস্তাৱ গৃহীত কৰা হ’ব ।
প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং, অমিত শ্বাহ আৰু বিজেপিৰ সভাপতি জে পি নাড্ডাই বিজেপি আৰু ইয়াৰ মিত্ৰজোঁট শাসিত ৰাজ্যসমূহৰ প্ৰায় ২০ গৰাকী মুখ্যমন্ত্ৰী আৰু ১৮ গৰাকী উপ-মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব ।
সহস্ৰাবুদ্ধে কয় যে, এই সন্মিলনত আলোচনাৰ এক উল্লেখযোগ্য অংশ এন ডি এ শাসিত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উত্তম পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰিব । নিজ নিজ ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে তেওঁলোকৰ আঁচনিৰ ওপৰত উপস্থাপন কৰিব । মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ এক দশকৰ দৰে আগন্তুক অনুষ্ঠানৰ বিষয়েও আলোচনা কৰিব নেতাসকলে ।
লগতে পঢ়ক : ‘শিৱসেনাৰ সৈতে মিত্ৰতাৰ কথা বিবেচনা কৰা হ’ব যদিহে..’; ৰাজ থাকৰে দলৰ ডাঙৰ বক্তব্য