এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষই বিচাৰিলে ক্ষমা
টাটা চনছ আৰু এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ এন চন্দ্ৰশেখৰণে আহমেদাবাদ বিমান দুৰ্ঘটনাত আপোনজনক হেৰুওৱাসকলৰ ওচৰত ক্ষমা বিচাৰিছে । এই শোকাৱহ বিমান দুৰ্ঘটনাত প্ৰায় ২৭০ জন লোকে প্ৰাণ হেৰুৱাইছিল ।
এটা নিউজ চেনেলক দিয়া এক সাক্ষাৎকাৰত এন চন্দ্ৰশেখৰে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ প্ৰতিটো দিশৰ বিষয়ে কয় । তেওঁ কয় যে যিসকলে পৰিয়ালৰ সদস্যক হেৰুৱাইছে তেওঁলোকৰ যন্ত্ৰণা মই বুজিবও নোৱাৰো । তেওঁ কয় যে আমি প্ৰতিটো পৰিস্থিতিত মৃত আৰু আহতসকলৰ পৰিয়ালৰ সৈতে আছো ।
‘মোৰ শব্দ নাই’
বিমান দুৰ্ঘটনা সন্দৰ্ভত এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ চন্দ্ৰশেখৰণে কয় যে এইটো এটা অতি কঠিন সময় । মৃতকৰ পৰিয়ালক সান্ত্বনা দিবলৈ মোৰ কোনো শব্দ নাই । তেওঁ কয় যে টাটাৰ দ্বাৰা পৰিচালিত এয়াৰলাইনছত এই বিমান দুৰ্ঘটনা সংঘটিত হোৱাত মই অতি দুখী । মৃতকৰ পৰিয়ালৰ প্ৰতি তেওঁ কয় যে এই সময়ত আমি কৰিব পৰা কামটো হ’ল পৰিয়ালৰ সৈতে থকা, তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰা । তেওঁ কয় যে এই সময়ত আৰু তাৰ পিছতো আমি তেওঁলোকক সহায় কৰিবলৈ সকলো চেষ্টা কৰিম ।
বিমান দুৰ্ঘটনাৰ কাৰণ ক’লে অধ্যক্ষই-
যেতিয়া চন্দ্ৰশেখৰণক সোধা হৈছিল যে এই বিমান দুৰ্ঘটনাৰ কোনো কাৰণ জানিব পৰা গৈছে নেকি ? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে এই বিষয়ত তেওঁ এতিয়াই কোনো মন্তব্য দিব নোৱাৰে । তদন্ত সম্পূৰ্ণ হোৱালৈকে আমি অপেক্ষা কৰিব লাগিব । তেওঁ কয় যে এই বিমান দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাই । ইয়াৰ বাবে চৰকাৰে এখন উচ্চ পৰ্যায়ৰ সমিতিও গঠন কৰিছে যাতে আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ কাৰণসমূহ অতি সোনকালে জানিব পৰা যায় । ইয়াৰ উপৰিও চন্দ্ৰশেখৰণে কয় যে এই দুৰ্ঘটনাৰ প্ৰাৰম্ভিক প্ৰতিবেদন আহিবলৈ এমাহ সময় লাগিব পাৰে ।
এয়াৰ ইণ্ডিয়াৰ অধ্যক্ষ চন্দ্ৰশেখৰণে দাবী কৰে যে দুৰ্ঘটনাগ্ৰস্ত বিমান AI171ৰ ইতিহাস পৰিষ্কাৰ । এই বিমান সন্দৰ্ভত এতিয়ালৈকে কোনো দুৰ্ঘটনাৰ খবৰ পোৱা নাই । তেওঁ কয় যে এই বিমানখনৰ সোঁ ইঞ্জিনটো একেবাৰে নতুন, যিটো ২০২৫ চনৰ মাৰ্চ মাহত স্থাপন কৰা হৈছিল । বাওঁ ইঞ্জিনটোৰ শেষবাৰৰ বাবে ২০২৩ চনত চাৰ্ভিচ কৰা হৈছিল । তেওঁ কয় যে ইয়াৰ পৰৱৰ্তী মেইণ্টেনেন্স চেক ২০২৫ চনৰ ডিচেম্বৰ মাহত হোৱাৰ কথা আছিল । কিন্তু তাৰ পূৰ্বেই এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
তেওঁ কয় যে দুয়োজন পাইলট অতি অভিজ্ঞ । কেপ্তেইন সভাৰৱালে ১১,৫০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা লাভ কৰিছিল । প্ৰথম বিষয়া ক্লাইভ কুণ্ডাৰৰ ৩৪০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছিল । তেওঁ কয় যে তেওঁলোকৰ সহকৰ্মীসকলৰ পৰা যিখিনি শুনিছো সেয়া হ’ল তেওঁলোক উৎকৃষ্ট পাইলট আছিল । গতিকে এই দুৰ্ঘটনাক লৈ আমি খৰখেদা কৰিব নোৱাৰো আৰু বৰ্তমানেও কোনো সিদ্ধান্তত উপনীত হ’ব নোৱাৰো । তেওঁ কয় যে সকলো বিশেষজ্ঞই মোক কৈছে যে বিমানখনত পোৱা ব্লেক বক্স আৰু ৰেকৰ্ডাৰটোৱে নিশ্চিতভাৱে এই দুৰ্ঘটনাৰ কাহিনী ক’ব ।
কাৰণ দৰ্শৱোৰা জাননী সন্দৰ্ভত কটলে চন্দ্ৰশেক্ৰনে-
শেহতীয়াকৈ ডি জি চি এয়ে এয়াৰ ইণ্ডিয়াক জাৰি কৰা কাৰণ দেখুৱাৰ জাননী বা কাৰ্যকৰী বিষয়ত বিমান সংস্থাটোৰ ওপৰত আৰোপ কৰা জৰিমনা সম্পৰ্কে চন্দ্ৰশেখৰণক সোধাত তেওঁ কয় যে এইবোৰ এ আই ১৭১ বিমানৰ সৈতে জড়িত নহয় । তেওঁ কয় যে এইবোৰ সুৰক্ষাৰ বিষয়তকৈ পৃথক । কাৰণ যদি কোনো নিৰাপত্তাৰ সমস্যা হ’লহেঁতেন তেন্তে ডি জি চি এয়ে কোনো কাৰণতে আমাক উৰাজাহাজ চলাবলৈ নিদিলেহেঁতেন ।
লগতে পঢ়ক : লেহ অভিমুখী ইণ্ডিগো বিমানৰ জৰুৰী অৱতৰণ; যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতি