লিডাৰ (LiDAR), যাৰ সম্পূৰ্ণ নাম “লাইট ডিটেকচন এণ্ড ৰেঞ্জিং”হৈছে এনে এক প্ৰযুক্তি যিয়ে লেজাৰ ৰশ্মিৰ সহায়ত যিকোনো বস্তুৰ সঠিক দূৰত্ব আৰু গঠন অনুমান কৰে । এই কৌশল বস্তু চিনাক্তকৰণ, মেপিং আৰু ইয়াৰ ত্ৰিমাত্ৰিক মডেল প্ৰস্তুত কৰাৰ বাবে ব্যৱহাৰ কৰা হয় । বিশেষকৈ পৰিবহণ, আকাশী জৰীপ, স্বয়ং চালিত যান-বাহন আৰু ৰে’লপথতো এই প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত সঠিকতা আৰু সুৰক্ষাৰ উন্নতি ঘটিছে ।
LiDAR ব্যৱস্থাই কেনেকৈ কাম কৰে ?
লিডাৰ ব্যৱস্থাত লেজাৰৰ পৰা পোহৰৰ ৰশ্মি ওলাই আহে, যিবোৰে কোনো বস্তুৰ সৈতে খুন্দা খাই পুনৰ চেন্সৰটোলৈ যায় । এই সংঘৰ্ষ আৰু উভতি অহাৰ বাবে লোৱা সময়ৰ দ্বাৰা বস্তুটোৰ দূৰত্ব নিৰ্ণয় কৰা হয় । এই প্ৰক্ৰিয়াৰ জৰিয়তে উচ্চ ৰিজ’লিউচন আৰু বিশদ 3D মেপ তৈয়াৰ কৰিব পাৰি, যিয়ে গঠনৰ বিষয়ে গভীৰ তথ্য প্ৰদান কৰে ।
ৰে’লৱেত লিডাৰৰ ব্যৱহাৰ আৰু ইয়াৰ সুবিধা-
ভাৰতীয় ৰে’লৱেত ট্ৰেক জৰীপ, আন্তঃগাঁথনি নিৰীক্ষণ আৰু মেপিঙৰ বাবে লিডাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে । এই প্ৰযুক্তিৰ জৰিয়তে ৰে’লপথ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ সঠিক তথ্য লাভ কৰা যায় ।
সঠিক আৰু বিশদ মেপিং
লিডাৰৰ সহায়ত ৰে’লপথ, দলং, সুৰংগ আৰু অন্যান্য গঠনৰ বিশদ 3D মেপ প্ৰস্তুত কৰিব পাৰি । ইয়াৰ ফলত নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণৰ কাম সহজ হৈ পৰে ।
গঠন নিৰীক্ষণ আৰু ৰক্ষণাবেক্ষণ-
লিডাৰ প্ৰযুক্তিৰ জৰিয়তে ৰে’লৱেৰ আন্তঃগাঁথনিৰ প্ৰকৃত অৱস্থা ধৰা পেলাব পাৰি, যাৰ বাবে ক্ষতি বা আন যিকোনো সমস্যা সহজে চিনাক্ত কৰিব পৰা যায় । এই ব্যৱস্থাই সময়মতে মেৰামতি আৰু ৰক্ষণাবেক্ষণ নিশ্চিত কৰে ।
লিডাৰৰ পৰা পোৱা তথ্যই ৰে’লৱে নেটৱৰ্কক প্ৰাকৃতিক দুৰ্যোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে, কিয়নো ই অঞ্চলটোৰ সঠিক মূল্যায়ন প্ৰদান কৰে আৰু বিপদজনক স্থানসমূহ চিনাক্ত কৰিব পাৰে ।
কেৱল এয়াই নহয়, এই ব্যৱস্থাই ৰে’লপথত থকা দোষ, অৱৰোধ আৰু ভঙা ৰে’লপথৰ তথ্যও নিয়ন্ত্ৰণ কক্ষলৈ প্ৰেৰণ কৰিব । ইয়াৰ দ্বাৰা ৰে’লৱেত সংঘটিত হোৱা দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিব পৰা যায় । এই প্ৰযুক্তিৰ সহায়ত ৰে’লসমূহ বহু পৰিমাণে দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰিব পৰা যায় ।