ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল) ২০২৫ৰ ৫৩ নম্বৰ মেচত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক ১ ৰানত পৰাস্ত কৰে।
কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত খেলখনত ৰাজস্থানক জয়ৰ বাবে ২০৭ ৰানৰ লক্ষ্য বান্ধি দিছিল, কিন্তু তেওঁলোকে ৮ উইকেটত ২০৫ ৰানহে কৰিব পাৰে।
খেলখনৰ অন্তিম অভাৰত জয়ী হ’বলৈ ৰাজস্থানক প্ৰয়োজন হৈছিল ২২ ৰানৰ।সেই অভাৰত শুভম ডুবেই দুটা ছয় আৰু এটা চাৰি মাৰি মেচখন ৰোমাঞ্চকৰ কৰি তুলিছিল।কিন্তু তেওঁলোকক জয়ী হ’বলৈ শেষৰ বলত প্ৰয়োজনীয় তিনিটা ৰান কৰিব নোৱাৰিলে দলটোৱে।
ৰাজস্থান ৰয়েলছৰ আৰম্ভণি বৰ ভাল নাছিল।প্ৰথম অভাৰতে বৈভৱ সূৰ্য্যবংশীৰ উইকেট হেৰুৱাইছিল।বেগী বলাৰ বৈভৱ অৰোৰাৰ বলত ৪ ৰান সংগ্ৰহ কৰি বৈভৱ পেভেলিয়ান মুখি হয়।
ৰাজস্থান ৰয়েলছৰ সৈতে যশস্বী জয়ছৱালে ২১ টা বলত ৩৪ ৰান, বৈভৱ সূৰ্যবংশীয়ে ২ টা বলত ৪ ৰান, কুনাল সিং ৰাথোড়ে ৫ টা বলত শূন্য,ৰিয়ান পৰাগে ৪৫ টা বলত ৯৫ ৰান, ধ্ৰুব জুৰেলে ১ টা বলত আউট, ৱানিন্দু হছৰামগীউ ২ টা বলত শূন্য, শ্বিমৰন হেটমেয়াৰে ২৩ টা বলত ২৯ ৰান, সুভম ডুবে ১৪ টা বলত ২৫ ৰান (নট আউট), জফ্ৰা আৰ্চেৰে ৮টা বলত ১২ ৰান কৰিবলৈ সক্ষম হয়।