প্ৰতি বছৰে ভাৰতৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে JEE, NEET আৰু কৰ্মচাৰী বাছনি আয়োগ চমুকৈ SSCৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায় । ইয়াৰে একাংশ ছাত্ৰ-ছাত্ৰীয়েহে সফলতা লাভ কৰে । প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱাটো অতি কঠিন কাম । ইয়াৰ বাবে উপলব্ধ কোচিং চেণ্টাৰসমূহে বৃহৎ পৰিমাণৰ মাচুল লয় । সেইবাবেই বহু ছাত্ৰ-ছাত্ৰীয়ে এইসমূহ পৰীক্ষাৰ বাবে কোচিং চেণ্টাৰত নামভৰ্তি কৰাৰ পৰা বঞ্চিত হ’ব লগা হয় ।
প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীৰ বাবে NCERT অৰ্থাৎ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে এটা বিনামূলীয়া পৰ্টেল মুকলি কৰিছে । এই পৰ্টেলত পঞ্জীয়ন কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে কোনো ধৰণৰ মাচুল নিদিয়াকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰিব । এই পৰ্টেলত কেনেকৈ পঞ্জীয়ন কৰিব পাৰিব জানি লওক-
এন চি ই আৰ টিৰ সহযোগী পৰ্টেল-
ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ নতুন পৰ্টেল মুকলি কৰিছে এন চি ই আৰ টিয়ে । এই পৰ্টেলৰ নাম সাথী (Sathee) । এই পৰ্টেলত বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰু অধ্যয়ন সামগ্ৰী (Study Matarials) আছে । যিকোনো ছাত্ৰ-ছাত্ৰীয়ে পৰ্টেলত পঞ্জীয়ন কৰি ইয়াৰ সুবিধা ল’ব পাৰে । এই পৰ্টেলত পঞ্জীয়ন কৰাৰ পিছত ছাত্ৰ-ছাত্ৰীসকলে অভিযান্ত্ৰিক, চিকিৎসা আৰু এছ এছ চিৰ বাবে প্ৰস্তুতি চলাব পাৰিব, তাৰ পিছত এই পৰ্টেলত লাইভ ক্লাছ, টিউচন, এন চি আৰ টি ভিত্তিক কিতাপ আৰু ভিডিঅ’ টিউটৰিয়েল লাভ কৰিব ।
কেৱল এয়াই নহয়, ভাৰত চৰকাৰেও এই পৰ্টেলৰ জৰিয়তে অনুষ্ঠিত হোৱা অনলাইন প্ৰশিক্ষণ DTH চেনেলত সম্প্ৰচাৰ কৰি আছে । ছাত্ৰ-ছাত্ৰীৰ বাবে এই পৰ্টেলত এটা চেট ব’টো অন্তৰ্ভুক্ত কৰা হৈছে যিয়ে যিকোনো প্ৰশ্নৰ উত্তৰ দিব । এই পৰ্টেলটো দেওবাৰ আৰু চৰকাৰী বন্ধৰ দিন বাদ দি প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ ছাত্ৰ-ছাত্ৰীৰ বাবে খোলা থাকিব ।
এইদৰে পঞ্জীয়ন কৰিব পাৰিব-
এন চি ই আৰ টিৰ এই সাথী পৰ্টেলত পঞ্জীয়ন কৰিবলৈ প্ৰথমে এন চি ই আৰ টিৰ অফিচিয়েল ৱেবছাইট sathee.prutor.ai ৰ এই লিংকটোলৈ যাব লাগিব । ইয়াৰ পিছত আপুনি আপোনাৰ নাম, আপোনাৰ ই-মেইল আই ডি, আপোনাৰ ঠিকনা আৰু আপোনাৰ শেষ শিক্ষাৰ সবিশেষ লিখি পঞ্জীয়ন কৰিব লাগিব । ইয়াৰ পিছত আপুনি যিটো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব বিচাৰে সেইটো নিৰ্বাচন কৰিব লাগিব যেনে JEE, NEET বা SSC । পঞ্জীয়নৰ পিছত আত্মমূল্যায়নৰ সঁজুলি ব্যৱহাৰ কৰি লাইভ চেচনত অংশগ্ৰহণ, ভিডিঅ’ চাব পাৰিব ।