কঠোৰ ইছৰো
পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ EOS-09ক সূৰ্য্যৰ সমকালীন মেৰু কক্ষপথত স্থাপন কৰিবলগীয়া ৰকেট PSLV-C61ৰ বিফলতাক লৈ কঠোৰ ইছৰো ।
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) এই অভিযানৰ বিফলতাৰ কাৰণসমূহৰ তদন্তৰ বাবে এখন ৰাষ্ট্ৰীয় সমিতি গঠন কৰিছে । এই কমিটীয়ে ৰকেটৰ অডিট আৰম্ভ কৰিছে । সমগ্র ৰকেটৰ পুংখানুপুংখ পর্যালোচনাৰ অন্তত কমিটীয়ে প্রতিবেদন দাখিল কৰিব ৷
যোৱা দেওবাৰে ইছৰোৰ ৰকেট পি এছ এল ভি চি ৬১ অভিযান বিফল হয় । অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ কৰা হৈছিল পি এছ এল ভি-চি৬১ ৰকেট । এইটো আছিল পি এছ এল ভি ৰকেটৰ ৬৩ সংখ্যক মিছন আৰু এক্স এল কনফিগাৰেচনত ২৭ সংখ্যক মিছন । প্ৰথম দুটা পৰ্যায়ত সকলো স্বাভাৱিক আছিল । কিন্তু যেতিয়া তৃতীয় পৰ্যায়টোৱে কাম কৰিবলৈ ধৰিলে, তেতিয়া এটা কাৰিকৰী সমস্যাৰ সৃষ্টি হয় । তৃতীয় পৰ্যায়ত কম চাপৰ বাবে উপগ্ৰহটোৱে গন্তব্য স্থানত উপনীত হোৱাত ব্যৰ্থ হয় । ইয়াৰ পিছত ইছৰোৱে অভিযানটো বিফল হোৱাৰ কাৰণসমূহৰ তদন্ত আৰম্ভ কৰিছে ।
কমিটিত কোন কোন-
পি এছ এল ভি চি৬১ অভিযান পৰীক্ষা কৰিবলৈ গঠন কৰা ৰাষ্ট্ৰীয় বিফলতা বিশ্লেষণ সমিতিখনত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (আই আই এছ চি) আৰু ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি)ৰ বিশেষজ্ঞসকল আছে । পি এছ এল ভি চি৬১ মিছনৰ সৈতে জড়িত তথ্য সমিতিৰ সৈতে ভাগ-বতৰা কৰা হৈছে । অনুমান কৰা হৈছে যে মাহৰ মাজভাগৰ ভিতৰত কমিটীয়ে প্ৰতিবেদন দাখিল কৰিব । পৰৱৰ্তী উৎক্ষেপণ সম্পৰ্কীয় সিদ্ধান্ত প্ৰতিবেদনৰ ভিত্তিত লোৱা হ’ব ।
লগতে পঢ়ক : ১৮ মে’ত ইছৰোৰ ১০১ সংখ্যক উৎক্ষেপণ… শত্ৰুৰ ওপৰত নজৰ ৰাখিব উপগ্ৰহে