দুলীপ ট্ৰফীৰ পৰা বাহিৰ হ’ল ঈশান কিষাণ
দুলীপ ট্ৰফী ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বেই ইষ্ট জ’নৰ দলটোৱে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে। দলৰ অধিনায়ক ঈশান কিষাণক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিয়াৰ পিছতে দলত স্থান লাভ কৰিছে ২০ বছৰীয়া আশীৰ্বাদ শ্বোৱানে।
সামাজিক মাধ্যমত ওড়িশা ক্ৰিকেট সন্থাই এই তথ্য দিছে। শেহতীয়াকৈ ঈশানক ইষ্ট জ’নৰ অধিনায়কত্ব অৰ্পণ কৰা হৈছিল, গতিকে তেওঁক বৰ্খাস্ত কৰাটো দলটোৰ বাবে এক ডাঙৰ আঘাত।
ঈশান কিষাণৰ অনুপস্থিতিত ইষ্ট জ’ন দলৰ অধিনায়ক হিচাপে বংগৰ বেটছমেন অভিমন্যু ইশ্বৰণক দেখা যাব। ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ বাবে ভাৰতীয় দলৰ অংশ আছিল ইশ্বৰন।
কিন্তু তাত তেওঁ এখনো মেচ খেলাৰ সুযোগ নাপালে।অৱশ্যে দুলীপ ট্ৰফীৰ পৰা ঈশান কিষাণক বাদ দিয়াৰ আঁৰৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।
আশীৰ্বাদ শ্বোৱানৰ কথা ক’বলৈ গ’লে তেওঁ এতিয়ালৈকে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত ১১খন খেল খেলিছে, য’ত তেওঁৰ বেটে ২১টা ইনিংছত গড়ে ৩০.৭৫ ৰানত ৬১৫ ৰান সংগ্ৰহ কৰিছে। এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম স্ক’ৰ হৈছে ৭৭ ৰান আৰু তেওঁ তিনিটা অৰ্ধশতক অৰ্জন কৰিছে।
লগতে পঢ়ক: “ভাৰতীয় দলক আমি পৰাস্ত কৰিব পাৰো”; পাকিস্তানী নিৰ্বাচক আকিব জাভেদৰ বিস্ফোৰক মন্তব্য