ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ এতিয়া অতি ৰোমাঞ্চকৰ পৰ্যায়ত আছে। সকলো খেলুৱৈয়ে প্লেঅফত নিজৰ স্থান লবৰ বাবে যথেষ্ট কষ্ট কৰি আছে। এই ছিজনত কেইবাজনো খেলুৱৈয়ে নিজৰ দুৰ্দান্ত প্ৰদৰ্শনেৰে পৰিচয় বনাইছে।
কিন্তু ইয়াৰ মাজতে এআই ৰবট ডগ ‘চম্পকে’ও যথেষ্ট চৰ্চা লাভ কৰিছে। টছৰ সময়ৰ পৰা মেচখনৰ প্ৰতিটো ৰোমাঞ্চকৰ মুহূৰ্তলৈকে চম্পকে নিজৰ কৌশল দেখুৱাই থকা দেখা গৈছিল। কিন্তু এতিয়া এই ৰবটটোৰ নাম চম্পক ৰখাৰ বাবে বিপদত পৰিছে বি চি চি আই।
দৰাচলতে, দিল্লী উচ্চ ন্যায়ালয়ে এই ৰবটোৰ নাম চম্পক ৰখাৰ বাবে বি বি চি আই ক জাননী জাৰি কৰিছে। শিশু আলোচনী ‘চম্পক’এ আদালতত আবেদন দাখিল কৰিছিল যে এআই ৰবটটোৰ নাম চম্পক ৰখাটো ট্ৰেডমাৰ্ক উলংঘা বুলি অভিযোগ উত্থাপন কৰিছিল। চম্পক আলোচনীৰ গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে বিচিচিআইক জাননী জাৰি কৰি উত্তৰ বিচাৰিছে।
দিল্লী উচ্চ ন্যায়ালয়ে বি চি চি আই ক ৪ সপ্তাহৰ ভিতৰত উত্তৰ দিবৰ বাবে কৈছে। এই গোচৰৰ পৰৱৰ্তী শুনানি ৯ জুলাইৰ বাবে নিৰ্ধাৰণ কৰা হৈছে।
জানিব পৰা মতে, ফেন প’লৰ জৰিয়তে এই ৰবটটোৰ নাম চম্পক ৰখা হৈছিল। আই পি এল মেচৰ সময়ত অনুৰাগীক এই ৰবটটোৰ নামকৰণ সন্দৰ্ভত মতামত সোধা হৈছিল।
ইয়াৰ পিছত অধিকাংশ দৰ্শকে চম্পক নামটোত মোহৰ লগাইছিল।তাৰ পিছতেই ইয়াৰ নাম চম্পক হয়।