ফাইনেলৰ বাবে আৰ চি বি-পঞ্জাৱৰ যুঁজ
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৫ৰ প্ৰথমখন কোৱালিফায়াৰ মেচ আজি পইণ্ট টেবুলৰ শীৰ্ষ দুটা দল পঞ্জাব কিংছ আৰু ৰয়েল চেলেঞ্জাৰছ বাংগালুৰৰ মাজত অনুষ্ঠিত হ’ব । আৰ চি বি-পঞ্জাৱৰ যুঁজখন আজি তীব্ৰ প্ৰদ্বন্দ্বিতামূলক হ’ব বুলি আনুৰাগীয়ে আসা কৰিছে । শীৰ্ষ-২ৰ স্থান লাভ কৰাৰ পিছত দুয়োটা দলে নিঃসংকোচে খেলিব পৰাকৈ মুক্ত হ’ব কাৰণ পৰাজয়ৰ ক্ষেত্ৰতো ফাইনেলত প্ৰৱেশৰ আন এক সুযোগ লাভ কৰিব । এই মেচত যি দল জয়ী হ’ব সেয়া পোনপটীয়াকৈ ফাইনেলত প্ৰৱেশ কৰিব । একে সময়তে পৰাস্ত হোৱা দলটোৱে ফাইনেলৰ বাবে আৰু এটা সুযোগ পাব ।
আৰ চি বি-পঞ্জাৱৰ যুঁজ-
২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্লে অফত প্ৰৱেশ কৰিছে পঞ্জাব কিংছ । শ্ৰেয়াছ আয়াৰৰ অধিনায়কত্বত পঞ্জাৱক এক নতুন ৰূপত দেখা গৈছে । একে সময়তে এই পৰ্যায়টো আৰ চি বিৰ বাবে নতুন নহয় যদিও প্ৰতিবাৰৰ দৰেই এইবাৰো তেওঁলোকৰ প্ৰচেষ্টা হ’ব খিতাপৰ খৰাং শেষ কৰাৰ ।
পঞ্জাৱৰ শক্তি-
পঞ্জাৱৰ অ’পেনিং বেটছমেন প্ৰভসিমৰন সিং আৰু প্ৰিয়ংশ আৰ্য্য ফৰ্মত আছে । একে সময়তে মিডল অৰ্ডাৰত জোছ ইংলিছ আৰু আয়াৰে শক্তিশালী প্ৰদৰ্শন কৰিছে । যোৱা মেচখনত ইংলিছে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল । একে সময়তে অৰ্শদীপ সিঙো বলিংত ভাল ফৰ্মত আছে । আনহাতে চাহালে প্লে অফত কামবেক কৰিব পাৰে ।
আৰ চি বিৰ ক্ষেত্ৰত এই মেচত জোছ হেজলউডে কামবেক কৰিব পাৰে । ভাল কথাটো হ’ল জিতেশ শৰ্মা পুনৰ ফৰ্মলৈ ঘূৰি আহিছে । শেষৰখন মেচত জিতেশে আই পি এল কেৰিয়াৰৰ শ্ৰেষ্ঠ ইনিংছ খেলি মিডল অৰ্ডাৰ মজবুত কৰে । একে সময়তে লীগ পৰ্যায়ত এই খেলপথাৰত আৰ চি বিয়ে পঞ্জাবক পৰাস্ত কৰিছিল, যাৰ ফলত তেওঁলোকৰ উদ্দেশ্য অধিক শক্তিশালী হ’ব ।
এই পৰ্যন্ত আই পি এলৰ ইতিহাসত আৰ চি বি আৰু পঞ্জাৱৰ মাজত ৩৫খন মেচ অনুষ্ঠিত হৈছে । ইয়াৰে আৰ চি বিয়ে ১৭ বাৰ মেচত জয়লাভ কৰাৰ বিপৰীতে পঞ্জাৱ দলে ১৮ বাৰ মেচত জয়লাভ কৰিছে । অৰ্থাৎ দুয়োটা দলৰ মুখামুখি হ’লে কঠোৰ প্ৰতিযোগিতা দেখা যায় । সেয়েহে আজি আৰ চি বি-পঞ্জাৱৰ যুঁজখন আকৰ্ষণীয় হৈ উঠিব বুলি আশা কৰা হৈছে ।
মুঠ সংঘৰ্ষ -৩৫
পঞ্জা জয়ী- ১৮
আৰ চি বি জয়ী- ১৭
পঞ্জাব কিংছৰ সম্ভাৱ্য মূল একাদশ : প্ৰভসিমৰন সিং, প্ৰিয়ংশ আৰ্য, শ্ৰেয়াছ আয়াৰ (অধিনায়ক), জোছ ইংলিছ (উইকেটকীপাৰ), মাৰ্কাছ ষ্টয়নিছ, শশাংক সিং, আজমাতুল্লাহ উমৰজাই, হৰপ্ৰীত ব্ৰাৰ, কাইল জেমিছন, যুজবেন্দ্ৰ চাহাল, অৰ্শদীপ সিং ।
ইমপেক্ট চাব: নেহল ৱাধেৰা, কুলদীপ সেন
ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু সম্ভাৱ্য মূল একাদশ : বিৰাট কোহলী, ফিল ছল্ট (উইকেটকীপাৰ), ৰজত পাটিদাৰ (অধিনায়ক), লিয়াম লিভিংষ্টন, টিম ডাভিদ, জিতেশ শৰ্মা, ক্ৰুনাল পাণ্ডিয়া, জোছ হেজলউড, যশ দয়াল, ভুৱনেশ্বৰ কুমাৰ, সুয়াশ শৰ্মা ।
ইমপেক্ট চাব: মনোজ ভাণ্ডেজ, নুৱান তুষাৰ ।
লগতে পঢ়ক : LSG দলৰ বিৰুদ্ধে বিচিচিআইয়ে বিহিলে জৰিমনা; ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা