গুজৰাট টাইটানছৰ আধিপত্য
আই পি এল ২০২৫ৰ ফাইনেলত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (আৰ চি বি)য়ে পঞ্জাব কিংছক ৬ ৰানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে । যদিও আৰ চি বিয়ে আই পি এলৰ ট্ৰফী জয় কৰিবলৈ সক্ষম হৈছে, তথাপিও অৰেঞ্জ কেপ আৰু পাৰ্পল কেপত গুজৰাট টাইটানছৰ খেলুৱৈয়ে আধিপত্য বিস্তাৰ কৰিছে ।
ছাই সুদৰ্শনৰ দখলত অৰেঞ্জ কেপ-
ছাই সুদৰ্শনে এই ছিজনত নিজৰ বেটিং প্ৰদৰ্শনেৰে সকলোকে আপ্লুত কৰে । তেওঁ ১৫খন মেচত ১৫৬.১৭ ষ্ট্ৰাইক ৰেটত ৭৫৯ ৰান আৰু গড়ে ৫৪.২১ ৰান সংগ্ৰহ কৰে, য’ত এটা শতক আৰু ছটা অৰ্ধশতক অন্তৰ্ভুক্ত আছে । শুভমন গীলৰ সৈতে সুদৰ্শনে বহু মেচত গুজৰাট টাইটানছক শক্তিশালী আৰম্ভণি দিয়ে । অৱশ্যে এলিমিনেটৰত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে পৰাজয়ৰ পিছতে গুজৰাটৰ যাত্ৰাৰ অন্ত পৰে । ছাই সুদৰ্শনে এলিমিনেটৰ মেচতো ভাল প্ৰদৰ্শন কৰি ৮০ ৰান সংগ্ৰহ কৰিছিল যদিও আউট হোৱাৰ পিছত দলটো বিজয় লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হয় ।
কোহলীও আছিল দৌৰত-
আৰ চি বিৰ বিৰাট কোহলীও অৰেঞ্জ কেপৰ দৌৰত আছিল । ফাইনেলৰ পূৰ্বে কোহলীয়ে অৰেঞ্জ কেপ লাভ কৰাৰ সুযোগ পাইছিল যদিও সুদৰ্শনক পিছ পেলাবলৈ ব্যৱধান অধিক আছিল । চূড়ান্ত খেলখনত কোহলীয়ে ৪৩ ৰান সংগ্ৰহ কৰি এই দৌৰত পিছ পৰি ৰয় । কোহলীয়ে ১৫ টা ইনিংছত ১৪৪.৭১ ষ্ট্ৰাইক ৰেটত ৬৫৭ ৰান সংগ্ৰহ কৰি এই ছিজনত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত তৃতীয় স্থান দখল কৰে । মুম্বাই ইণ্ডিয়ানছৰ সূৰ্যকুমাৰ যাদৱে অৰেঞ্জ কেপ দৌৰত ১৬খন খেলত ৭১৭ ৰান সংগ্ৰহ কৰি দ্বিতীয় স্থান দখল কৰে ।
প্ৰসিদ্ধ কৃষ্ণৰ দখলত পাৰ্পল কেপ-
পাৰ্পল কেপৰ দৌৰত আছিল আৰ চি বিৰ অষ্ট্ৰেলিয়ান বেগী বলাৰ জোছ হেজলউড । তেওঁ পাৰ্পল কেপ লাভ কৰাৰ ভাল সুযোগ পাইছিল । হেজেলউডে ১২খন মেচত ২২টা উইকেট দখল কৰে । ফাইনেলত তেওঁ মাত্ৰ এটা উইকেটহে দখল কৰিবলৈ সক্ষম হয় । ফাইনেল মেচত যদি হেজেলউডে ৫টা উইকেট দখল কৰিলেহেঁতেন তেন্তে পাৰ্পল কেপ তেওঁৰ দখলত থাকিলহেতেন । অৱশ্যে গুজৰাট টাইটানছৰ বলাৰ প্ৰসিদ্ধ কৃষ্ণই ২৫টা উইকেটৰে শীৰ্ষত থাকি পাৰ্পল কেপ লাভ কৰে ।
লগতে পঢ়ক : বিৰাট কোহলীৰ চকুত চকুপানী… চেম্পিয়ন হৈয়ে ষ্টেডিয়ামতে কান্দি উঠিল তাৰকাগৰাকী