আই পি এলৰ প্লে অফত প্ৰৱেশৰ বাবে শক্তিশালী প্ৰতিদ্বন্দ্বীৰ ভিতৰত মুম্বাই ইণ্ডিয়ানছ (এম আই) আৰু গুজৰাট টাইটানছ (জি টি)ৰ মাজত আজি অনুষ্ঠিত হ’বলগীয়া মেচখন অতি ৰোমাঞ্চকৰ হ’ব বুলি আশা কৰা হৈছে, য’ত গুজৰাটৰ শক্তিশালী টপ অৰ্ডাৰ বেটিঙে মুম্বাইৰ মাৰাত্মক বলিঙৰ সন্মুখীন হ’ব ।
বৰ্তমান পইণ্ট তালিকাত তৃতীয় স্থানত আছে মুম্বাই ইণ্ডিয়ানছ । কিন্তু মুম্বাইৰ নেট ৰান ৰেট সকলো দলৰ ভিতৰত সৰ্বোত্তম । প্লে অফত প্ৰত্যক্ষ স্থান নিশ্চিত কৰিবলৈ বাকী তিনিখন মেচৰ ভিতৰত মাত্ৰ দুখন খেলত জয়ী হ’ব লাগিব দলটো । পাঁচবাৰৰ চেম্পিয়ন মুম্বাইয়ে ইয়াৰে দুখন মেচ নিজৰ ঘৰুৱা খেলপথাৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলিব, য’ত এতিয়ালৈকে পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰিছে দলটোৱে ।
একে সময়তে গুজৰাট টাইটানছ পইন্ট তালিকাৰ চতুৰ্থ স্থানত আছে আৰু তেওঁলোকৰ হাতত চাৰিখন খেল বাকী আছে । ইয়াৰে দুখন খেল তেওঁলোকৰ ঘৰুৱা খেলপথাৰ আহমেদাবাদত অনুষ্ঠিত হ’ব, য’ত তেওঁলোকেও পাঁচখন খেলৰ ভিতৰত চাৰিখন খেলত জয়লাভ কৰিছে । শুভমন গীলৰ অধিনায়কত্বত থকা এই দলটোক প্লে অফত প্ৰৱেশ কৰিবলৈ আৰু দুটা জয়ৰ প্ৰয়োজন ।
গুজৰাটৰ বেটিং লাইন আপৰ মেৰুদণ্ড গঠন কৰা তিনিগৰাকী খেলুৱৈ – বি ছাই সুদৰ্শন (৫০৪ ৰান), জোছ বাটলাৰ (৪৭০ ৰান) আৰু অধিনায়ক শুভমন গীল (৪৬৫ ৰান)য়ে সমগ্ৰ প্ৰতিযোগিতাখনত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই দলটোক বহুবাৰ জয়ৰ দিশত আগুৱাই লৈ গৈছে ।
অৱশ্যে মঙলবাৰৰ খেলখন মুম্বাই ইণ্ডিয়ানছৰ অতি সুষম আৰু মাৰাত্মক বলিং আক্ৰমণৰ বিৰুদ্ধে গুজৰাটৰ বেটছমেনসকলে কেনে প্ৰদৰ্শন আগবঢ়াব তাৰ ওপৰত নিৰ্ভৰ কৰিব । ট্ৰেণ্ট ব’ল্ট (১৬ উইকেট), হাৰ্দিক পাণ্ডিয়া (১৩ উইকেট), যশপ্ৰীত বুমৰাহ (১১ উইকেট) আৰু দীপক চহৰৰ (৯ উইকেট)ৰ দৰে বলাৰৰ সৈতে বিপক্ষৰ বেটছমেনৰ বাবে ৰান সংগ্ৰহ কৰাটো সহজ নহ’ব ।
মুম্বাইয়ে জয়ৰ ধাৰা আৰম্ভ কৰাৰ পিছৰে পৰা (এতিয়ালৈকে একেৰাহে ছটা জয়) ঘৰুৱা বা বিপক্ষৰ মাটিত কোনো দলক ২০০ ৰানতকৈ অধিক ৰান কৰিবলৈ দিয়া নাই । গুজৰাটৰ বাবে এয়া এক সতৰ্কবাণী, যাৰ শক্তি হৈছে ডাঙৰ স্ক’ৰ কৰা আৰু জয় সাব্যস্ত কৰা ।
গুজৰাট টাইটানছৰ সম্ভাৱ্য মূল একাদশ :
ছাই সুদৰ্শন, শুভমন গীল (অধিনায়ক), জোছ বাটলাৰ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, ৰাহুল তেৱাটিয়া, শ্বাহৰুখ খান, ৰছিদ খান, আৰ ছাই কিশোৰ, গেৰাল্ড কোটজী, মহম্মদ চিৰাজ, প্ৰসিদ্ধ কৃষ্ণ ।
ইমপেক্ট চাব : ঈশান্ত শৰ্মা ।
মুম্বাই ইণ্ডিয়ানছৰ সম্ভাৱ্য মূল একাদশ :
ৰিয়ান ৰিকেলটন (উইকেটকীপাৰ), ৰোহিত শৰ্মা, উইল জেকছ, সূৰ্য্যকুমাৰ যাদৱ, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া (অধিনায়ক), নমন ধীৰ, কৰ্বিন বছ, দীপক চহৰ, ট্ৰেণ্ট ব’ল্ট, যশপ্ৰীত বুমৰাহ ।
ইমপেক্ট চাব : কৰ্ণ শৰ্মা ।