১.৪৬ বিলিয়ন হ’বগৈ ভাৰতৰ জনসংখ্যা
মঙলবাৰে ৰাষ্ট্ৰসংঘৰ জনসংখ্যা কোষে (UNFPA) প্ৰকাশ কৰা শেহতীয়া প্ৰতিবেদন অনুসৰি ২০২৫ চনলৈ ১.৪৬ বিলিয়ন জনসংখ্যাৰে ভাৰত সৰ্বাধিক জনবহুল দেশ হৈ থাকিব । কিন্তু দেশখনৰ মুঠ প্ৰজনন হাৰ ২.১ৰ পৰা ১.৯লৈ হ্ৰাস পাইছে । ২০২৫ চনৰ বিশ্ব জনসংখ্যা তথ্য (এছ অ’ ডব্লিউ পি)ৰ প্ৰতিবেদনে দেখুৱাইছে যে প্ৰকৃত সংকট জনসংখ্যাৰ আকাৰত নহয়, বৰঞ্চ মানুহে সন্তান বিচাৰে নে বিচাৰে, কেতিয়া বিচাৰে আৰু কিমান সন্তান বিচাৰে, মুক্তভাৱে আৰু দায়িত্বশীলভাৱে সিদ্ধান্ত লোৱাৰ বহল প্ৰত্যাহ্বানৰ ওপৰতহে ।
ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত অনুমান কৰা হৈছে যে “বৰ্তমানৰ ভাৰতৰ জনসংখ্যা ১৪৬৩.৯ মিলিয়ন ।” প্ৰতিবেদনত কোৱা হৈছে যে, “ভাৰত এতিয়া বিশ্বৰ সৰ্বাধিক জনবহুল দেশ, ইয়াৰ জনসংখ্যা প্ৰায় ১.৫ বিলিয়ন । এই সংখ্যা হ্ৰাস পোৱাৰ আগতে প্ৰায় ১.৭ বিলিয়নলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে ।” ভাৰতৰ মুঠ প্ৰজনন হাৰ (TFR) বৰ্তমান প্ৰতিগৰাকী মহিলাৰ ২.০ সন্তান । অৰ্থাৎ ভাৰতৰ এগৰাকী মহিলাৰ প্ৰজনন বছৰত (সাধাৰণতে ১৫-৪৯ বছৰ বয়স) গড়ে ২টা সন্তান জন্ম হোৱাৰ আশা কৰা হয় । নমুনা পঞ্জীয়ন ব্যৱস্থা (SRS)ৰ ২০২১ চনৰ প্ৰতিবেদন অনুসৰি ২০২০ চনৰ পৰা এই হাৰ সুস্থিৰ হৈ আছে ।
কিন্তু নতুন প্ৰতিবেদনত দেখা গৈছে যে প্ৰতিগৰাকী মহিলাৰ প্ৰজনন ক্ষমতাৰ হাৰ ১.৯লৈ হ্ৰাস পাইছে । অৰ্থাৎ গড় হিচাপত ভাৰতীয় মহিলাৰ সন্তান ইমান কম হৈছে যে প্ৰব্ৰজন অবিহনে পৰৱৰ্তী প্ৰজন্মত ভাৰতৰ জনসংখ্যাৰ আকাৰ বজাই ৰাখিবলৈ যথেষ্ট নহয় । জন্মৰ হাৰ লেহেমীয়া হোৱাৰ পিছতো ভাৰতৰ যুৱ জনসংখ্যা উল্লেখযোগ্য হৈয়েই আছে, ০-১৪ বছৰ বয়সৰ গোটত ২৪ শতাংশ, ১০-১৯ বছৰ বয়সত ১৭ শতাংশ আৰু ১০-২৪ বছৰ বয়সত ২৬ শতাংশ । ৬৮ শতাংশ জনসংখ্যা ১৫-৬৪ বছৰ বয়সৰ গোটত থকাৰ বিপৰীতে বৃদ্ধ জনসংখ্যা (৬৫ আৰু তাৰ ওপৰৰ) সাত শতাংশ ।
২০২৫ চনৰ হিচাপত জন্মৰ সময়ত পুৰুষৰ আয়ুস ৭১ বছৰ আৰু মহিলাৰ ৭৪ বছৰ হ’ব বুলি অনুমান কৰা হৈছে । ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত ভাৰতক সেই মধ্যম আয়ৰ দেশৰ গোটত স্থান দিয়া হৈছে যিবোৰৰ জনগাঁথনিগত পৰিৱৰ্তন দ্ৰুতগতিত চলি আছে । ইয়াতভাৰতৰ জনসংখ্যা দুগুণ হোৱাৰ সময় এতিয়া ৭৯ বছৰ বুলি অনুমান কৰা হৈছে । ইউ এন এফ পি এৰ ভাৰতৰ প্ৰতিনিধি আন্দ্ৰেয়া এম ৱজনাৰে কয় যে, “ভাৰতে প্ৰজনন ক্ষমতা হ্ৰাস কৰাৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে, ১৯৭০ চনত প্ৰতিগৰাকী মহিলাৰ বাবে প্ৰায় পাঁচটা সন্তানৰ পৰা আজি প্ৰায় দুটা সন্তানলৈ । ইয়াৰ কাৰণ হৈছে উন্নত শিক্ষা আৰু প্ৰজনন স্বাস্থ্য সেৱাৰ সুবিধা ।” ৱজনাৰে কয় যে ইয়াৰ ফলত মাতৃৰ মৃত্যুৰ হাৰ বহু পৰিমাণে হ্ৰাস পাইছে ।
লগতে পঢ়ক : ১১ বছৰত প্ৰতিৰক্ষা খণ্ডত বহু পৰিৱৰ্তন হৈছে… দেশ কেনেদৰে শক্তিশালী হৈ উঠিছে ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে