ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাই ৰচিব ইতিহাস
ভাৰতৰ প্ৰথম মহাকাশচাৰী ৰাকেশ শৰ্মাৰ ৪০ বছৰৰ পাছত মহাকাশত ইতিহাস সৃষ্টি কৰিবলৈ সাজু হৈছে আন এগৰাকী ভাৰতীয় মহাকাশচাৰী । তেওঁ হৈছে গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা যিয়ে অহা মাহত এক্সিয়াম-৪ অভিযানৰ অধীনত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ যাব । এই অভিযানৰ সময়ত শুভাংশুৱে পিন্ধিব দুটা বিশেষ ওমেগা স্পীডমাষ্টাৰ ঘড়ী যাক বিশেষভাৱে মহাকাশৰ কঠিন পৰিস্থিতি সহ্য কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । এই ঘড়ীবোৰে কেৱল সময় কোৱাই নহয় মহাকাশত তেওঁৰ অভিযান সহজ কৰি তোলাতো সহায় কৰিব ।
মহাকাশ ভ্ৰমণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ওমেগা ঘড়ীয়ে-
এক্সিয়াম-৪ মিছনৰ বাবে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লাক দিয়া হ’ব দুটা ওমেগা স্পীডমাষ্টাৰ ঘড়ী । প্ৰথমটো হৈছে এক্স-৩৩ স্কাইৱাকাৰ যিটো তেওঁ মহাকাশযানৰ ভিতৰত পিন্ধিব আৰু দ্বিতীয়টো হ’ল মেনুৱেল ৱাইণ্ডিং স্পীডমাষ্টাৰ প্ৰফেচনেল মুনৱাচ যিটো মহাকাশ যাত্ৰাৰ সময়ত ব্যৱহাৰ কৰা হ’ব । এই অংশীদাৰিত্বক লৈ এক্সিয়াম স্পেছে সুখ প্ৰকাশ কৰি কয় যে আমি এক্স-৪ অভিযানৰ বাবে সাজু আৰু ওমেগা ঘড়ীক আকৌ এবাৰ মহাকাশলৈ লৈ যাবলৈ উৎসাহিত হৈছো । এই পৰম্পৰা ৬০ বছৰ পূৰ্বে নাছাই স্পীডমাষ্টাৰক প্ৰমাণিত কৰাৰ পৰাই আৰম্ভ হৈছিল ।
এই ঘড়ী বিশেষভাৱে মহাকাশৰ কঠোৰ পৰিস্থিতিৰ বাবে ডিজাইন কৰা হৈছে । এই ঘড়ী মাইক্ৰ’গ্ৰেভিটি, উষ্ণতাৰ চৰম উঠা-নমা, ৪০জি পৰ্যন্ত শ্বক, ভেকুৱাম, জাৰণ আৰু ১.৬ বায়ুমণ্ডলৰ চাপ সহ্য কৰিব পাৰে । ওমেগাৰ স্পীডমাষ্টাৰ ঘড়ী ১৯৬৫ চনত নাছাই সকলো মানৱীয় অভিযানৰ বাবে প্ৰমাণিত কৰিছিল আৰু তেতিয়াৰ পৰাই ই মহাকাশচাৰীৰ প্ৰথম পছন্দ হৈ আছে ।
এক্স-৪ মিছনঃ ভাৰতৰ বাবে এক গৌৰৱৰ মুহূৰ্ত
২০২৫ চনৰ ৮ জুনত নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ পৰা উৎক্ষেপণ হ’বলগীয়া এক্স-৪ অভিযানৰ পাইলট হ’ব শুভাংশু শুক্লা । এই অভিযান ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ বাবে বিশেষ কাৰণ এই তিনিখন দেশৰ প্ৰথম চৰকাৰী মহাকাশচাৰীয়ে ৪০ বছৰৰ পাছত আই এছ এছলৈ যাব । এই অভিযানত ৬০টাতকৈও অধিক বৈজ্ঞানিক পৰীক্ষা থাকিব যিয়ে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু মহাকাশ গৱেষণাত এক নতুন অধ্যায় যোগ কৰিব ।
ভাৰতীয় মহাকাশচাৰী শুভাংশু বায়ুসেনাৰ গ্ৰুপ কেপ্তেইন আৰু তেওঁৰ ২০০০ ঘণ্টাৰো অধিক উৰণৰ অভিজ্ঞতা আছে । ইছৰোৰ গগণযান অভিযানৰ বাবে নিৰ্বাচিত চাৰিজন মহাকাশচাৰীৰ ভিতৰত তেওঁ অন্যতম । এই অভিযানৰ কমাণ্ডাৰ হ’ব আমেৰিকাৰ মহাকাশচাৰী পেগী হুইটছন, যি পূৰ্বে বহু মহাকাশ অভিযানৰ অংশ আছিল ।
লগতে পঢ়ক : ইলন মাস্কৰ স্পেচএক্স ষ্টাৰশ্বিপৰ সফল উৎক্ষেপণ… কিন্তু পৃথিৱীলৈ উভতি অহাৰ পূৰ্বে দুৰ্ঘটনাগ্ৰস্ত