জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা ‘দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট’ (টি আৰ এফ)ৰ বিৰুদ্ধে ২২ এপ্ৰিলত ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত প্ৰস্তাৱ উত্থাপন কৰিব । ভাৰতে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত TRFক সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰিবলৈ দাবী জনাব ।
জানিব পৰা মতে ভাৰতীয় দলটো বৰ্তমান নিউয়ৰ্কত আছে । ভাৰতীয় দলটোৱে ৰাষ্ট্ৰসংঘ আৰু অন্যান্য অংশীদাৰ দেশৰ ১২৬৭ নিষেধাজ্ঞা সমিতিৰ নিৰীক্ষণ দলৰ সৈতে আলোচনাত মিলিত হৈছে । এই দলটোৱে ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী কাৰ্যালয় আৰু সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ কাৰ্যবাহী সঞ্চালকালয়ৰ সৈতেও বৈঠকত মিলিত হ’ব ।
পহলগাম আক্ৰমণত দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ) জড়িত থকা সন্দৰ্ভতো এই দলটোৱে ৰাষ্ট্ৰসংঘৰ সংশ্লিষ্ট সমিতিসমূহক কিছু গুৰুত্বপূৰ্ণ প্ৰমাণ আগবঢ়াব বুলি ধাৰণা কৰা হৈছে ।
Post Views: 266